পঞ্চদশ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰি নাম ধৰ্মৰ জৰিয়তে এক আধ্যাত্মিক আন্দোলনৰ গুৰি ধৰি এখন নিকা সমাজ গঠন কৰিছিল ৷ জীৱনৰ প্ৰমূল্যবোধৰ শিক্ষা প্ৰদান কৰিছিল ৷ যাৰ বাবে মহাপুৰুষ শংকৰদেৱে শৰণৰ ব্যৱস্থা কৰিছিল ৷ হৰিনামত শৰণ লৈ পাপমতি মানৱক মুক্তিৰ মাৰ্গ দেখুৱাইছিল ৷ এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকাৰ ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাক্সা জিলা শাখাৰ অন্তৰ্গত গোপালদেৱ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী মহোৎসৱৰ মুকলি সভাত আজি মুখ্য অতিথি হিচাপে অংশ লৈ ভবেন্দ্ৰ নাথ ডেকাই শংকৰদেৱক সমগ্ৰ বিশ্বৰে সৰ্বশ্ৰেষ্ঠ গুৰু বুলি অভিহিত কৰে ৷ তেওঁ কয় যে বিশ্বৰে সৰ্বশ্ৰেষ্ঠ গুৰু শংকৰদেৱক অসমবাসীয়ে লাভ কৰিছিল ৷ যি গৰাকী গুৰুৱে হৰি নামকে শ্ৰেষ্ঠ ধৰ্ম বুলি মানৱ সমাজক দি থৈ গৈছে ৷ যি গৰাকী গুৰুৱে গেলিলিওৰ দৰে বিজ্ঞানীয়ে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি আৱিষ্কাৰ কৰাৰ পূৰ্বে বিশ্ব ব্ৰহ্মাণ্ডৰ অস্তিত্বৰ কথা কীৰ্তনঘোষাত লিপিৱদ্ধ কৰি গৈছে ৷ সেয়ে শংকৰদেৱ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গুৰু ৷ গোপালদেৱ প্ৰাথমিক শাখাৰ উপদেষ্টা শিৱৰাম কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে সংঘৰ প্ৰাক্তন মূলৰ সদস্য গিৰীশ চন্দ্ৰ বৰ্মনে ৷ উদ্বোধনী ভাষণত গিৰীশ চন্দ্ৰ বৰ্মনে শ্ৰীমন্ত শংকৰদেৱ সংঘই সমগ্ৰ ৰাজ্যখনতে এক আধ্যাত্মিক আন্দোলনৰ লগতে সাহিত্য, সংস্কৃতিৰো গুৰিবঠা ধৰা বুলি উল্লেখ কৰি কয় যে জাতি, ভাষা নিৰ্বিশেষে সংঘই সকলোকে আদৰি লৈ এখন সাম্যবাদী সমাজ গঠনত অগ্ৰসৰ হৈছে ৷ মুকলি সভাত বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, শৰণীয়া-কছাৰী উন্নয়ন পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ চন্দ্ৰ দাস, বাক্সা জিলাৰ সম্পাদক উদ্ধৱ চন্দ্ৰ বৈশ্য, সংঘৰ প্ৰাক্তন মূলৰ সদস্য পবিত্ৰ পাঠক প্ৰমূখ্যে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷ মুকলি সভাতে সাংবাদিক মনোহৰ ৰাজবংশীয়ে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ দীনবন্ধু উন্মোচন কৰে যতীন সাউদে ৷ ইয়াৰ পূৰ্বে পুৱা নামপ্ৰসংগৰ পিচতে সংঘৰ পতাকা উত্তোলন কৰে প্ৰাথমিক শাখাৰ সভাপতি গোপালদেৱ প্ৰাথমিক শাখাৰ সভাপতি দীপক দাসে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় ভাগৱত শোভাযাত্ৰা ৷ শংকৰদেৱ সংঘৰ শৰণ সদস্য ভূমিধৰ পাঠকে উদ্বোধন কৰা ভাগৱত শোভাযাত্ৰাত গায়ন-বায়নসহ পাঁচ শতাধিক ভকত-বৈষ্ণৱে হৰিনামৰ ধ্বনিৰে অঞ্চলটোৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ সন্ধিয়া দিলীপ কুমাৰ শৰ্মাই উদ্বোধন কৰা সাংস্কৃতিক কাৰ্যসূচীৰে সোণালী জয়ন্তী মহোৎসৱৰ সামৰণি পৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বাটঘৰীয়া শাখা সমিতি গঠন, আমোলগুৰীত সোনোৱাল কছাৰী সাহিত্য সভাৰ ৰাজহুৱা সভা সম্পন্ন…
- চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমিত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা-নৱাগত আদৰণি সভা সম্পন্ন…
- ওৰাং আঞ্চলিক কোচ ৰাজবংশী সন্মিনলীৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই
- নিশা প্ৰচণ্ড ধুমুহাত নগৰবেৰাত প্ৰকাণ্ড গছ উভালি পৰিল চলন্ত মালবাহী বাহনত…
- পুনৰ ধুমধামেৰে আহি আছে মোডী চৰকাৰ! এগজিট প’লৰ ভৱিষ্যদ্বাণী…
- অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাম্য স্ব-নিয়োজন প্ৰশিক্ষন প্ৰতিস্থানৰ আৰম্ভ…
- কোনবোৰ ফল ৰাতিপুৱা খালী পেটত খাব নালাগে জানেনে? জানি লওক নহ’লে স্বাস্থ্যৰ সমস্যাত পৰিব…
- আজি অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা…
- দৰঙৰ ধূলাত মৰেল পুলিচৰ ঘটনা
- দুৰ্যোগত সুযোগৰ সন্ধান:বৰলুইতত উঠিছে খৰিৰ উজান