উখল মাখলৰ পৰিৱেশ বিহালী জিনজিয়া ষ্টিফেন হকিং একাডেমী।

শনিবাৰে ষ্টিফেন হকিং কনিষ্ঠ মহাবিদ্যালয় খনৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়। পুৱা ভাগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বটাঁ বিতৰণি সভা অনুষ্ঠিত হৈ যায়। এই উপলক্ষে একাডেমী খনৰ ছাত্ৰ ছাত্রী সকলৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীয় সাজ-পাৰ পৰিধান কৰি নৃত্য-গীতেৰে এক আনন্দময় পৰিৱেশে বিৰাজ কৰে।ইয়াৰ পিছতে মুল সভাখন অনুষ্ঠিত হয় । বিদ্যালয়খনৰ –
ছাত্ৰী সকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে মুল সভাখন মুকলি কৰে । বিদ্যালয় খনৰ সঞ্চালক ড°ভূপেন বৰাই আতঁ ধৰা সভাত অবসৰ প্ৰাপ্ত শিক্ষক প্ৰবীন বৰাই সভাপতিত্বত কৰে।এই নৱাগত আদৰণি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে কাৰমিল আবাসিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় কুমাৰ ঠাকুৰে।

ভাষণ প্ৰশংগত তেখেতে কয় যে বিদ্যালয়খন দেখাত বৰ চৌখিন নহয় যদিও ছাত্ৰ-ছাত্ৰীৰ বাবে এখন উপযুক্ত বিদ্যালয় বুলি অভিহিত কৰে আৰু শলাগ লৈছো ‘কাৰণ ইমান বোৰ ছাত্ৰ-ছাত্ৰী আছে যদিও কোনো হুলস্থুল নকৰি প্ৰত্যেকেই (মোৰ) ভাষণ মণোযোগে শুনি গ’ল ।তদুপৰি ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সাংস্কৃতি জীয়াই ৰখাৰ কথাকে বুজাই গৈছে বুলি উল্লেখ কৰে ।এই নৱাগত আদৰণি সভাত মহা বিদ্যালয়খনৰ অধ্যাপ অধ্যাপিকা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ লগতে কেইবা গৰাকিও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Related Articles