Breaking

ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰম্ভ উৎসৱ

0 216

চৰকাৰে জাৰি কৰা সকলো নীতি নিৰ্দেশনা পালন কৰি ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক আৰু শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ত আজিৰে পৰা বিদ্যাৰম্ভ উৎসৱ পালন কৰা হয়। সেই হিচাপে আজি পুৱা বিদ্যালয়ৰ ছাত্র ছাত্ৰী, শিক্ষক কৰ্মচাৰী আৰু অভিভাৱক সকলে বিদ্যালয় খন চাফ চিকুণ কৰে।অনুস্থানটি শুভাৰম্ভ কৰে মধ্য শাখা পৰিচালনা সমিতিৰ সভাপতি নবীন দাসে।

চাকিবন্তি জ্বলাই উচ্চ শাখাৰ সভাপতি দেবেন শৰ্মাই।ছাত্র ছাত্ৰী সকলে প্ৰাৰ্থনা কৰে‌।এই উপলক্ষে আয়োজিত শুভাৰম্ভনি সভাখন পৰিচালনা কৰে উচ্চ শাখাৰ প্ৰধান শিক্ষক পঙ্কজপল্লৱ শৰ্মাই।শিক্ষক ছাত্র ছাত্ৰী আৰু অভিভাৱকৰ এই মধুৰ  সম্পৰ্কই এক বিশেষ শৈক্ষিক পৰিবেশৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

সভাত অংশগ্ৰহণ কৰি এম ই শাখাৰ প্ৰধান শিক্ষক গজেন চন্দ্ৰ লহকৰে চৰকাৰৰ এনে নিৰ্দেশনাক স্বাগতম জনাই এই ধৰণৰ আৰম্ভনিয়ে ছাত্ৰ ছাত্ৰীক উৎসাহী কৰি তুলিব বুলিও আশা প্ৰকাশ কৰে।আন এগৰাকী সহশিক্ষক জীতেন চন্দ্ৰ দাসে চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনায়।সভাত কৃতি শিক্ষক যাদৱ কুমাৰ কলিতা,সমাজ কৰ্মী দক্ষ ডেকা,উপেন দাস, ভগবান শৰ্মা প্ৰমুখ্যে বহু অভিভাৱক আৰু শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply