Breaking

সমাগত অশোকাষ্টমী স্নান আৰু অষ্টমী মেলা…

0 1,167

সমাগত অশোকাষ্টমী স্নান আৰু অষ্টমী মেলা সুকলমে অনুষ্ঠিত হোৱাতো নিশ্চিত কৰিবলৈ আজি বিয়লি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত জিলা প্ৰশাসন, আৰক্ষী আৰু বিভিন্ন বিভাগৰ বিষয়াৰ লগতে অশোকাষ্টমী মেলা আয়োজক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ বিগত দুটা বৰ্ষত কোভিডৰ বাবে বাধাপ্ৰাপ্ত হোৱা অশোকাষ্টমী স্নান আৰু অষ্টমী মেলাক লৈ ভক্তৰ বৰ্দ্ধিত উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অহা ৯ এপ্ৰিলত ধুবুৰী চহৰত থকা ব্ৰহ্মপুত্ৰৰ চাৰিটা ঘাটত অশোকাষ্টমী স্নানৰ ব্যৱস্থা কৰা হ’ব৷ ভক্তৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যোগমায়া ঘাটত এইবাৰ স্নানৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত বৈঠকত লোৱা হয়৷ ঘাটবোৰ ধুবুৰী পৌৰসভাই আভ্যন্তৰীন জল পৰিবহণ বিভাগ আৰু মেলা সমিতিৰ সহায়ত ভক্তৰ স্নানৰ বাবে সাজু কৰি তুলিব৷ যিকোনো অঘটনৰ সৈতে মোকাবিলা কৰাৰ বাবে এছ ডি আৰ এফ, বি এছ এফ আৰু চিকিৎসকৰ দল সাজু থকিব৷ আনহাতে অষ্টমী মেলা ৯ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ ১৫ দিন ধৰি চলিব৷ প্ৰতিদিনে নিশা ১০ বজাত মেলা বন্ধ হ’ব৷

মেলাস্থলীত জুৱা আৰু সুৰাৰ বিক্ৰী-সেৱন সম্পূৰ্ণ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে৷ সুশৃংখলিত ৰূপত মেলাখন আয়োজনৰ বাবে আৰক্ষীক সহযোগ কৰিবলৈ মেলা সমিতিয়ে ৭০ জন স্বেচ্ছাসেৱক নিয়োগ কৰিব৷ স্বেচ্ছাসেৱকসকলক আৰক্ষীৰ তৰফৰ পৰা প্ৰশিক্ষনো দিয়া হ’ব৷ মেলাস্থলীত সমিতিয়ে ১০ টা চিচি কেমেৰা স্থাপন কৰিব৷ স্নানৰ সময়ত আৰু মেলাৰ দিনকেইটাত যাতে কোনোধৰণৰ অঘটন বা অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে মেলা সমিতি আৰু দায়িত্বপ্ৰাপ্ত বিভাগ আৰু বিষয়াসকলক সষ্টম হৈ থাকিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে৷ বৈঠকত অতিৰিক্ত উপায়ুক্তদ্বয় নিত্য বিনোদ ৱাৰী, মানস শইকীয়া, ধুবুৰী, আগমনি আৰু গোলকগঞ্জৰ চক্ৰ বিষয়া সকল, ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া সহিতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷

Leave A Reply