হাজোবাসীৰ বাবে এটা সুখৱৰ । হাজোবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন প্ৰায় বাস্তৱৰ দিশে গতি কৰিছে। হ’য় ।অসম চৰকাৰৰ চিগনেচাৰ প্ৰকল্পৰ উত্তৰণ আঁচনিৰ অধীনত হাজো এচ .বি.এচ.কে.আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ চৌহদত প্ৰায় দহ কৌটি টকাৰে নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কাম বৰ্তমান দ্ৰুতিগতিত অব্যাহত আছে।উল্লেখ্য যে ২০২০ বৰ্ষৰ পৰা আৰম্ভ হোৱা নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কামটো চলিত বৰ্ষৰ ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ পিনে সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰিছে। অৱশ্যে উচ্চ ক্ষমতাসম্পণ্ণ ফ্লাড লাইট ,বুজন পৰিমানৰ আসন সম্পণ্ণ গেলাৰী গৃহ ,খেলুৱৈ জিৰণি কোঠা,কনফাৰেন্স হ’ল,কাৰ্যলয় কোঠা ইত্যাদি বিভিণ্ণ উণ্ণত মানদণ্ডৰ কাৰ্যপ্ৰণালীৰে ক্ৰমিৎ পৰিপক্ক হৈ উঠিছে নিৰ্মিয়মান বহুমূখী প্ৰকল্পৰ কাম – কাজ । যাৰ দ্বাৰা বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ খেলুৱৈ সকলে অন্য ঠাইলৈ নগৈ নিজ সমষ্টিতে খেল প্ৰদৰ্শনৰে পাৰদৰ্শিকতা অৰ্জনৰ এটি প্লেটৰ্ফমৰ সুবিধা লাভ কৰিব পাৰিব।যিয়ে হাজোবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণৰ দিশে গতি কৰিছে। অৱশ্যে এইক্ষেত্ৰত পাৰ্যমানে সহায় আগবঢ়োৱা স্থানীয় বিধায়িকা সুমন হৰিপ্ৰীয়াক আজি হাজো অঞ্চলৰ প্ৰায়সংখ্যক স্থানীয় ব্যক্তিয়ে ধন্যবাদ জ্ঞাপন কৰে।

লগতে সমগ্ৰ কাম কাজখিনি নিয়াৰিকৈ চলাই নিয়া আসাম ইলেকট্ৰিকেল ৰ্ফাম’ৰ বিষয়ববীয়া,অভিযন্তা,কৰ্মচাৰীবৃন্দকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে হাজোৰ স্থানীয় বাসিন্দাই।নিশ্চিতভাৱে হাজো তথা দাঁতিকাষৰীয়া অঞ্চলৰ ক্ৰীয়ানুৰাগী যুৱক যুৱতীসকলৰ সুবিধাৰ্থে নিৰ্মিয়মান বহুমূখী প্ৰকল্পটিৰ কাম অতি সোনকালেই সমাপ্তি হৈ খেলোপযোগী হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে সমূহ হাজোবাসীয়ে।

