মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম স্থান মৈৰাবাৰী আলি পুখুৰী পাতেকি বড়ি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি, অধিবক্তা ললিত চন্দ্ৰ বৰাৰ দেহাৱসান

মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ পবিত্ৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ী সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা-ধিঙৰ বিশিষ্ট সমাজকৰ্মী, অধিবক্তা,ললিত চন্দ্ৰ বৰাৰ যোৱা নিশা আনুমানিক ১:৩০বজাত দেহাৱসান ঘটে। নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কেইবাটাও ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মী জনে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৫ বছৰ । তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ধিং-মৈৰাবাৰী প্ৰেছ ক্লাবকে ধৰি বিভিন্ন দল সংগঠনে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ বাতৰি পাই গুণমুগ্ধ সকলে তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়। হিন্দু-মুছলিম উভয়ৰে মাজত জনপ্ৰিয় আছিল বৰা দেৱ। তেখেতে মৈৰাবাৰী আৰু ধিঙৰ হিন্দু আৰু মুছলমানৰ মাজত সমন্বয় সৃষ্টি কৰি থৈ গ’ল। তেখেতৰ নাম ধি্ং আৰু মৈৰাবাৰীৰ ইতিহাসত সোনালী আখৰেৰে লিখা থাকিব।মৈৰাবাৰীৰ পাতেকীবড়ি সত্ৰৰ পৰিচালনা সমিতিৰ এজন দক্ষ সভাপতি হিচাপে সত্ৰখনৰ বহু সমস্যা সমাধান কৰাত উল্লেখ যোগ্য ভূমিকা আছিল।


বৰা দেৱৰ নশ্বৰদেহ মৈৰাবাৰীৰ আলিপুখুৰী পাটেকীবড়ী সত্ৰলৈ আনি সত্ৰতো ভকত বৈষ্ণব সকলে ধৰ্মীয় ৰীতিনীতিৰে শেষ বিদায় জনায়।ধি্ং আৰু বিশেষকৈ বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ সচেতন ৰাইজে তেখেতৰ মৃত্যুত অপুৰণীয় ক্ষতিৰ অনুভৱ হোৱা পৰিলক্ষিত হৈছে।

Related Articles