একাদশ বৰ্ষত ভৰি দিলে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই

একাদশ বৰ্ষত ভৰি দিলে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই । সেই উপলক্ষে নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ সভাগৃহত বুধবাৰে অনুষ্ঠিত হয় একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । অনুষ্ঠানত উপস্থিত থাকে সন্থাৰ মুখ্য উপদেষ্টা উদয় বৰগোহাঁই, জেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা, সন্থাৰ প্ৰাক্তন সভাপতি কুমুদ তালুকদাৰ, জেষ্ঠ শৰীৰ চৰ্চাবিদ নিৰঞ্জন কুমাৰৰ লগতে বহুকেইজন ক্ৰীড়া সাংবাদিক । কুমুদ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সম্পাদক হিলদুল গগৈয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ লগতে আয়-ব্যয়ৰ হিচাপ দাখিল কৰে । সভাৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি পুলিন সাহাক সভাপতি আৰু দৈনিক জনমভূমিৰ পবিত্ৰ গগৈক সম্পাদক ৰূপে লৈ সন্থাৰ নতুন সমিতি গঠন কৰা হয় । এই অনুষ্ঠানতে সন্থাই জেষ্ঠ শৰীৰচৰ্চাবিদ নিৰঞ্জন কুমাৰক সম্বৰ্ধনা জনায় । প্ৰাক্তন সভাপতি কুমুদ তালুকদাৰে নতুন সমিতি গঠন সন্দৰ্ভত মন্তব্য কৰিছে । লগতে নৱ নিৰ্বাচিত সভাপতি, জেষ্ঠ সাংবাদিক পুলিন সাহাই মনৰ অনুভৱ প্ৰকাশ কৰে।


আগন্তুক সময়ত অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই সুন্দৰ পৰিকল্পনাৰে ক্ৰীড়া ক্ষেত্ৰ খনক আগুৱাই নিয়াত সহায় কৰিব বুলি আমি আশাবাদী ।

Related Articles