যোগীঘোপাত অশোকাষ্টমী মহামেলাৰ প্ৰস্তুতি

নামনি অসমৰ ইতিহাসপ্ৰসিদ্ধ যোগীঘোপাৰ ফেৰী ঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অশোকাষ্টমী মহামেলাৰ এইবেলি ব্যাপক আয়োজনৰ প্ৰস্তুতি চলিছে । বিগত দুটা বছৰ ক’ভিডকালীন পৰিস্থিতিৰ বাবে অনুষ্ঠিত হোৱা নাছিল মেলাখনৰ। দুটা বছৰৰ বিৰতিৰ পিছত এই বেলি ধুমধামেৰে মেলাৰ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ।অহা ৮,৯ আৰু ১০ এপ্ৰিল ২০২২ ইং তাৰিখে তিনিদিনীয়া কাৰ্যসুচীৰে অশোকাষ্টমীৰ মেলাখন অনুষ্ঠিত কৰা হব বুলি অশোকাষ্টমীৰ পৰিচালনা সমিতিয়ে জানিব দিয়ে । উল্লেখ্য যে, চ’ত মাহৰ শুক্লাষ্টমীত গংগাৰ জলধাৰা ব্ৰহ্মপুত্ৰৰ পানীত মিলিত হয় সেয়ে এই জলৰাশিত স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি লোক বিশ্বাস আছে। এই বিশ্বাসকে সাৰোগত কৰি প্ৰতি বছৰে অশোকাষ্টমীত ৰাজ্যৰ অইন অইন প্ৰান্তৰ লগতে যোগীঘোপাৰ ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ আগমন ঘটে অগনন ভক্তৰ। পুৱাই একাংশ ভক্তই নৈৰ পাৰত স্নান কৰাৰ লগতে নিজৰ আত্মীয়ৰ বিয়োগৰ পাছত অস্তি বিসৰ্জন দিয়া মংগলীক কাৰ্য্য সম্পন্ন কৰে ।

যোগীঘোপা অশোকাষ্টমী পৰিচালনা সমিতিৰ কাৰ্যসূচীত মৰ্মে ৮ তাৰিখে সন্ধিয়া নাম প্ৰসংগ, ৯ তাৰিখে পুৱাৰে পৰা ব্ৰহ্মপুত্ৰত স্নানৰ ও মেলা আৰু ১০ তাৰিখে মহামেলাৰ সন্ধিয়া ৫ বজালৈ চলিব।

Related Articles