বাৰেবৰণীয়া থলুৱা কলা-সংস্কৃতিৰ মিলনস্থলী ৰঙালীত অইন জনগোষ্ঠীৰ লগতে দেশী জনগোষ্ঠীয় সকলোৰ অংশগ্ৰহণ

আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাস্থিত ভেটেৰীনাৰী খেলপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো জনগোষ্ঠীৰ লোকাচাৰ, কলা কৃষ্টি,‌ সংস্কৃতিক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি‌ কৰা তথা‌ বাৰেবৰণীয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু থলুৱাৰ বজাৰ সৃষ্টিৰ এক প্ৰয়াস ‘ৰঙালী উৎসৱৰ’ শুভাৰম্ভ হয়।বাৰী শুৱনি বা‍ঁহে, ভোজন শুৱনি মাহে।একেজোপা বাঁহৰে কাঠী, কতো হয় লাঠী, কতো হয় জাপি, কতো হয় বাঢ়নী।আদি বিভিন্ন প্ৰতিধ্বনিৰে মুখৰিত ভেটেৰীনাৰী খেলপথাৰৰ বাকৰিত বিভিন্ন জনগোষ্ঠী, আত্ম সহায়ক গোট, থলুৱা উদ্যোগৰ মিলনস্থলী, ‘ৰঙালী’ ত অন্যান্য গোষ্ঠীৰ লগতে নামনি অসমৰ অন্যতম জনগোষ্ঠী দেশী জনগোষ্ঠীৰ লোক সকলেও সক্ৰিয় অংশগ্ৰহন কৰে।দেশী‌ জনগোষ্ঠীয় লোকসকলৰ ১২০৬ খৃষ্টাব্দৰ মেচ ৰজা ‘আলী‌ মেচ’ ৰ ইছলাম ধৰ্ম গ্ৰহণ আৰু পৰবৰ্তী সময়ত নাথ, যোগী, কলিতা,‌ ৰাভা,‌ বড়ো, কোচ ৰাজবংশী সকলোৰ পৰা ধৰ্মান্তৰিত হৈ দেশী সকল আজি কামৰূপৰ বকো বালিঝাৰৰ পৰা আৰম্ভ কৰি, গোৱালপাৰা,‌ ধুবুৰী, বঙাইগাঁও, চিৰাং কোকৰাঝাৰৰ লগতে বৰপেটাৰ কিছু অংশত প্ৰায় ১৫ লাখ জনসংখ্যাৰ এই জনগোষ্ঠীটো বসতি স্থাপন কৰি আহিছে।এহেজাৰ বছৰৰো অধিক কালৰ ইতিহাস থকা স্বত্বেও পৰিচয় সংকটত ভুগি থকা এই লোকসকলৰ বাবে ২০১৭, ১৮, আৰু ১৯ বৰ্ষৰ ৰঙালীৰ বাৰেবৰনীয়া মঞ্চ‌ই অসমৰ বুকুত গৌৰৱশালী পৰিচয় ডাঙি ধৰিবলৈ অন্যতম সুযোগ প্ৰদান কৰিছে। অইন বেলিৰ দৰে এইবাৰো দেশী জনগোষ্ঠীয় মঞ্চ, দেশী জনগোষ্ঠীয় যুব-ছাত্ৰ মঞ্চ আৰু দেশী সাহিত্য সভাৰ বলিষ্ঠ নেতৃত্বত নিজৰ লোক সংস্কৃতি, ভাষা, খাদ্য সম্ভাৰ লৈ ৰঙালীৰ মঞ্চত অংশগ্ৰহণ কৰিছে ।

দেশী লোকসকলৰ পৰম্পৰাগত কুষান নৃত্য, গোৱালিনী নৃত্য, হুদুম নৃত্যৰ লগতে থলুৱা খাদ্যাভ্যাস ক্ৰমে সিদল, শুটকেনী, নালীপাতা, বহনি, পিঠাপনাৰ ভিতৰত তেলপিঠা, তিল পিঠা, গৰগৰি, চিতেই পিঠা, ভাপা পিঠা, সেমাই, ইত্যাদিৰ প্ৰদৰ্শনীয়ে হ’ব দেশী সকলৰ মূখ্য আকৰ্ষণ। দেশী জনগোষ্ঠীয় মঞ্চ, অসমে ৰঙালীৰ বাকৰিৰ পৰা উদ্যোক্তা শ্যামকানু মহন্তক ধন্যবাদ জনায়, লগতে সমূহ অসমবাসী তথা দেশী জনগোষ্ঠীয় লোক সকললৈ আগন্তুক নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাই তিনিদিনীয়া কাৰ্যসূচী উপভোগ কৰি সকলোকে উৎসাহ উদ্দীপনা যোগাবলৈ অনুৰোধ জনাইছে।

Related Articles