ঢকুৱাখনা পৌৰ সভাৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

আজি ঢকুৱাখনা পৌৰসভাৰ নৱ নিৰ্বাচিত।ৱাৰ্ড কমিচনাৰ সকলে ভাৰতীয় সংবিধানৰ আধাৰত আনুষ্ঠানিকভাৱে কৰিলে গ্ৰহণ।আজি পুৱা ১১ বজাত ঢকুৱাখনা নগৰৰ বালিগাঁও।স্থিত পৌৰ সভাৰ কাৰ্যালয়ত শপত ল’য় নৱ গঠিত ১০ টা ৱাৰ্ডৰ পৰা নিৰ্বাচিত ১০ গৰাকী ৱাৰ্ড কমিচনাৰে।এই শপত বাক্য পাঠ কৰাই অতিৰিক্ত উপায়ুক্ত, তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।ইফালে অসম ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে ঢকুৱাখনা পৌৰসভাৰ পদেন সদস্যৰূপে শপত লয়।প্ৰথম বাৰৰ বাবে ১০ টা ৱাৰ্ডেৰে গঠিত ঢকুৱাখনা পৌৰসভাৰ কাৰ্যবাহী পৰিষদৰ সভাপতি(চেয়াৰমেন)ৰূপে ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ৰাজীৱ দাসে আৰু উপ-সভাপতি (ভাইচ-চেয়াৰমেন)ৰূপে ৭ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ চন্দমা গগৈয়ে শপত গ্ৰহণ কৰে।
আজিৰ অনুষ্ঠানত শপত গ্ৰহণ কৰা ৱাৰ্ড কমিচনাৰ সকল হ’ল-স্বৰূপ কোঁৱৰ,দিপালী দাস,বগেন কোঁৱৰ,তিলেন দাস,মানিক বৰুৱা,
গুনলতা কুটুম ,অপৰূপা দিহিঙীয়া দত্ত আৰু সংগীতা বৰুৱা।

এই শপত গ্ৰহণ অনুষ্ঠানত ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা,ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই,ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, মণ্ডল বিজেপিৰ সভাপতি-সুনীল দলে,জ্যেষ্ঠ নাগৰিক-কুশল গগৈ,জগদীশ গগৈ,পূৰ্ণানন্দ গগৈকে আদি কৰি বহুসংখ্যক বিশিষ্ট লোক আৰু ঢকুৱাখনা নগৰৰ সাধাৰণ ৰাইজ উপস্থিত থাকে।

Related Articles