উজনি-মাজুলী : ক’ৰণা ভাইৰাচৰ প্ৰভাৱত সমগ্ৰ বিশ্বতেই শিক্ষা আৰু অর্থনীতিৰ ক্ষেত্ৰখনত যথেষ্ট সংকটৰ সন্মুখীন হৈছে৷ এই মহামাৰীয়ে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে শিক্ষাৰ্থীসকলক৷ বহুতেই ইতিমধ্যে এটা শিক্ষাবৰ্ষ হেৰুৱাই দিয়াৰ আশংকাত ভুগিছে৷ এনে সময়ত বিভিন্ন বৃত্তিমুখী প্ৰশিক্ষণ লৈ থকা প্ৰশিক্ষাৰ্থী সকলো যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ তাৰ মাজতে কম্পিউটাৰ আৰু বৃত্তিমুখী শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান আই.চি.ই.য়ে লৈ আহিছে কেইবাটাও সুখবৰ৷ প্ৰথমেই তলাবন্ধৰ সময়চোৱাত তেওঁলোকে প্ৰশিক্ষাৰ্থীসকলক অনলাইন মাধ্যমেৰে পাঠদান কৰি প্ৰশিক্ষাৰ্থী সকলৰ লোকচান যথাসম্ভৱ কম কৰিছে৷ শেহতীয়াকৈ যিকোনো বয়সক লোকেই যাতে ঘৰতে থাকিয়েই কম্পিউটাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে তাৰো ব্যৱস্থা কৰিছে প্ৰতিষ্ঠানটোৱে৷ অনলাইন আৰু অফলাইন দুয়োটা ধৰণেৰে উপলব্ধ এই প্ৰশিক্ষণলানিক তেওঁলোকে দুটা ভাগত ভাগ কৰিছে৷ বিদ্যালয় পৰ্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ পাঠ্যক্ৰমৰ ভিত্তিত সজাই তোলা এটা ক’ৰ্চ আৰু পেচাদাৰী ব্যক্তিসকলেও তেওঁলোকৰ কার্যালয়ৰ কাম-কাজ সুচাৰুৰূপে চলাই নিব পৰাকৈ প্ৰয়োজনীয় বিষয় সন্নিবিষ্ট কৰি সজাই তোলা এটা ক’ৰ্চ আগবঢ়াইছে৷ গৃহিণীকে ধৰি অন্যান্য আগ্ৰহীসকলেও এই ক’ৰ্চত নামভৰ্তি কৰাৰ লগতে সন্তানৰ গৃহকৰ্মকে আদি কৰি কম্পিউটাৰৰ সহযোগত কৰিবলগীয়া কামবোৰৰ বাবে অভিভাৱকসকলো এই ক’ৰ্চ দুটিৰ পৰা সমানেই উপকৃত হ’ব৷ প্ৰশিক্ষণৰ সফল সমাপ্তিত স্বীকৃত প্ৰতিষ্ঠানটিৰ কিউ.আৰ.কোড. সম্বলিত প্ৰমাণপত্ৰও লাভ কৰিব পাৰিব৷ অধিক জানিবলৈ বা নামভৰ্তি কৰিবলৈ ৭০৮৬৭৪৮৭৪৮ এই নাম্বাৰত যোগাযোগ কৰিব পাৰিব অথবা https://www.iceeskill.com/our-courses এই লিংকটোত ৰেজিষ্ট্ৰাৰ কৰিব পাৰিব৷ আইচিইৰ প্ৰায়বোৰ শাখাতেই এই ক’ৰ্চ উপলব্ধ হ’ব বুলি সঞ্চালক ধ্ৰুৱজ্যোতি তামুলীয়ে আমাক জানিৱলৈ দিয়ে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…