নাজিৰা : হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰা শিৱসাগৰ জিলাত আনন্দোল্লাসৰ মাজতে ২৫ জুনত ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি একেবাৰে দ্বিতীয় বৰ্ষতো সমগ্ৰ অসমৰ ভিতৰত শিৱসাগৰ জিলাই বিজ্ঞান শাখাত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনত বিজ্ঞান শাখাত ৯৫.৯৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে কলা শাখাত ৮৮.৬৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থান আৰু বাণিজ্য শাখাত ৯৫.৫০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। শিৱসাগৰ জিলাৰ পৰা বিজ্ঞান শাখাত ১,১৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১,১২০ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। ইয়াৰে প্ৰথম বিভাগত ৭২১ গৰাকী, দ্বিতীয় বিভাগত ৩৩৫ গৰাকী আৰু তৃতীয় বিভাগত ৬৪ গৰাকী উত্তীৰ্ণ হয়। কলা শাখাত জিলাখনৰ পৰা মুঠ ৪,৮২৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰথম বিভাগত ৮৯৯ গৰাকী, দ্বিতীয় বিভাগত ১,৬০৪ গৰাকী আৰু তৃতীয় বিভাগত ১,৭৭২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত জিলাখনৰ পৰা ৩৩৩ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। ইয়াৰে ১০০ গৰাকীয়ে প্ৰথম বিভাগ, ১২০ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৯৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। এই সামগ্ৰিক ফলাফলত শিৱসাগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক সকল উৎফুল্লিত হৈ পৰিছে। আনহাতে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা জিলাখনৰ সমূহ ছাত্র-ছাত্ৰীকে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, জিলা শিক্ষা বিষয়া আব্দুল জেলিলে অভিনন্দন জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…