কামৰূপ সংহত উপায়ুক্ত কাৰ্যালয়ত কিন্নৰৰ দ্বাৰা পৰিচালিত চাহৰ দোকান মুকলি

কিন্নৰ অৰ্থাৎ তৃতীয় লিংগৰ ব্যক্তি সকলৰ সামাজিক সমতা স্থাপনৰ অংশ হিচাপে কালি কামৰূপ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত কিন্নৰৰ দ্বাৰা সম্পূৰ্ণ্ভাৱে পৰিচালিত চাহৰ দোকান এখ্ন আনুষ্ঠানিকভাবে মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে। অসমত এনেধৰণৰ প্ৰথ্ম টি টিষ্টলখন জিলা উপায়ুক্তগৰাকীয়ে সদৌ অসম কিন্নৰ সংস্থাৰ প্ৰতিষ্ঠাপক স্বাতি বিধান বৰুৱা, স্ংস্থাৰ অন্যতম সদস্যবৃন্দ ক্ৰমে চোনিয়া কিন্নৰ, কাজুলি কিন্নৰৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীৰ উপস্থিতত মুকলি কৰে।উল্লেখ্য যে ৰাজ্যখনৰ ভিতৰতে সৰ্বপ্ৰথম কিন্নৰৰ দ্বাৰা পৰিচালিত এনে চাহৰ দোকান সদৌ অসম কিন্নৰ সংস্থাই কামৰূপ জিলা প্ৰশাসনৰ সহযোগত মুকলি কৰিছে। ইয়াৰ দ্বাৰা কিন্নৰ ব্যক্তি সকলক ব্যাৱসায়ৰ অভিজ্ঞতা, গ্ৰাহকৰ সৈতে সু-সম্পৰ্ক বজাই ৰখা, দক্ষতা আহৰণৰ জৰিয়তে সমাজলৈ ইতিবাচক বৰঙণি যোগোৱা ইত্যাদি লক্ষ্য লোৱা হৈছে।


কিন্নৰ সকলৰ এনে ইতিবাচক উদ্যোগক স্বাগতম জনাই জিলা উপায়ুক্ত গৰাকীয়ে এই উদ্যোগে আৰু অধিক কিন্নৰ ব্যাক্তিক এনে ধৰণৰ পদক্ষেপ গ্ৰহণৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে তেওঁলোকৰ সামাজিক সৱলীকৰণত বিশেষ ভূমিকা ল’ব বুলি কয়।

Related Articles