সোণতলী : নামনি অসমৰ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী চৰ অঞ্চলৰ জীয়ৰী ৰেহনা চুলতানাই অসমৰ চৰ-চাপৰিৰ জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি লাভ কৰিলে ডক্টৰেট ডিগ্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা আৰু সাহিত্য উভয় বিষয়তে দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লোৱা ৰেহনা চুলতানাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° প্ৰণীতা দেৱীৰ তত্ত্বাৱধানত অবিভক্ত ‘কামৰূপ জিলাৰ চৰ-চাপৰিবাসী মুছলমান সম্প্ৰদায়ৰ লোকভাষা‘ শীৰ্ষক বিষয়ত গৱেষণা কৰি এই সন্মান তথা বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী লাভ কৰিছে ৷ উল্লেখযোগ্য যে ড° ৰেহনা চুলতানা হ‘ল বৃহত্তৰ সোণতলী অঞ্চলৰ পৰা পিএইচ. ডি ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী যুৱতী ৷ তেওঁ সোণতলী অঞ্চলৰ শেলেসুঁতি গাঁৱৰ শিক্ষক নুৰজামান হক আৰু চুফিয়া বেগমৰ সুযোগ্যা কন্যা তথা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী। গৱেষণা কৰ্মৰ লগতে তেওঁ দীৰ্ঘদিনৰ পৰাই বিভিন্ন সামাজিক কৰ্মৰ লগত জড়িত হৈ আছে। ভাষাৰ ছাত্ৰী হিচাপে ভৱিষ্যতে তেওঁ অসমীয়া ভাষা আৰু চৰ-চাপৰিৰ ভাষাটোৰ ওপৰত কাম কৰি যাব বুলি মত প্ৰকাশ কৰিছে। সোণতলী চৰ অঞ্চলৰ পৰা ৰেহনা চুলতানাই ডক্টৰেট ডিগ্ৰী লাভ কৰাত সমগ্ৰ অঞ্চলবাসীয়ে আনন্দিত হোৱাৰ লগতে তেওঁ পাঠ গ্ৰহণ কৰা বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক সমাজেও যথেষ্ট আনন্দিত হৈছে ৷ উল্লেখযোগ্য যে, অতিকৈ পিছপৰা প্ৰায় এশ শতাংশই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা ৰেহেনা চুলতানাৰ এই সাফাল্যত চৰাঞ্চলৰ অন্যান্য যুৱক-যুৱতীৰ বাবে প্ৰেৰণা হ‘ব বুলি ভিন্নজনে মত প্ৰকাশ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…