Breaking

মৰিয়নীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

0 1,066

মৰিয়নি নকছাৰি দেবেৰাপাৰা চাৰি আলিৰ দিশৰ পৰা মৰিয়নী দিশে গৈ থকা এখন বলেৰ’ পিকআপ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। পথৰ ওপৰত বাগৰি পৰা বাহন খনত ৰাজৈ চাহ বাগিচাৰ পৰা ৩৫ জনকৈ শ্ৰমিকক কঢ়িয়াই আনিছিল বলৰ বাহন খনে। দুৰ্ঘটনাস্থলীত ৩ খনকৈ ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱাৰ সহায়ত আহত লোক সকলক সংকটজনক অৱস্থাত দেবেৰাপাৰ মহাত্মাগান্ধী আদৰ্শ হস্পিতালত ভৰ্ত্তি কৰোৱা হয়। অতি সংকটজনক ৮ জন শ্ৰমিকক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷

আনহাতে বলেৰ বাহন খনৰ চালকে সুৰাৰ ৰাগীত মাতাল হৈ গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।

Leave A Reply