সংখ্যালঘু অধ্যুষিত পশ্চিম অসমৰ মানকাচৰত নামঘৰৰ ৰূপালী জয়ন্তী উৎসৱৰ শোভাযাত্ৰাত হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতি

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰত জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ আৰু শংকৰী ক’লা সংস্কৃতি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী উৎসৱৰ অন্তিম দিনা বিভিন্ন কাৰ্য্যসূচীৰ লগতে এখন বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয়। উক্ত শোভাযাত্ৰা শুভাৰম্ভ কৰে মানকাচৰৰ বিধায়ক আমিনুল ইচলাম চাহাবে। শোভাযাত্ৰা খনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অগনন ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ শংকৰ ভক্তয়ে অংশ গ্ৰ্হন কৰা পৰিলক্ষিত হয়। আজিৰ কাৰ্যসূচীত জিলা উপায়ুক্ত মহোদয়া, অতিৰিক্ত উপায়ুক্ত, বিভিন্ন বিভাগৰ বিষয়ববীয়া লগতে প্ৰাক্তন বিধায়ক তথা অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ জাবেদ ইচলাম চাহাব অংশগ্ৰহণ কৰে।

উল্লেখনীয় যে , শোভাযাত্ৰাৰ পিছত এখন মুকলি সভাত অংশগ্ৰহন কৰে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী ৰণজিৎ দাস ডাঙৰীয়া।

Related Articles