কোকৰাঝাৰ জিলাৰ ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বল্লমগুৰী গাঁওখন অতিকৈ পিছপৰা লগতে গা্ঁৱখনৰ বেছি সংখ্যক লোকে দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰে ৷তেনে এখন গাঁৱৰ পৰা সদ্যহতে তিনিজন যুৱকে চৰকাৰী চাকৰি লাভ কৰাত উৎফল্লিত হৈ পৰিছে নিৰ্বাচিত যুৱক সকলৰ লগতে তেঁওলোকৰ পৰিয়াল আৰু গাঁওবাসী ৷ঠেলা ,ৰিক্সা চলোৱা তিনিটা পৰিয়ালৰ তিনিজন যুৱকে বেলেগ বেলেগ বিভাগত চাকৰি লাভ কৰাত আজি গাঁওখনৰে যুব সমাজ কৰ্মী ৰহিম আলীৰ উদ্দোগত পশ্চিম বল্লমগুৰী প্ৰাথমিক বিদ্যালয়ত এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷
উক্ত সম্বৰ্ধনা অনুষ্ঠানত অসম আৰক্ষীৰ কনিষ্টবল চাকৰি লাভ কৰা হুছেইন আলী ,টেট শিক্ষকৰ চাকৰি লাভ কৰা নাঁওশাদ আলী শ্বেখ আৰু বেংকত চাকৰি লাভ কৰা ইমৰান আলীক ফুলাম গোমছা ,মেডেল ,কলমৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় লগতে চাকৰি লাভ কৰা যুৱক সকলৰ পিতৃ – মাতৃকো সম্বৰ্ধনা জনোৱা হয় ৷পশ্চিম বল্লমগুৰীৰ দৰিদ্ৰ পৰিয়ালৰ যুৱক সকলৰ সফলতাত সকলোৱে আনন্দিত হৈছে আৰু বিজেপি চৰকাৰৰ এই বাৰৰ নিযুক্তি প্ৰক্ৰিয়াক শলাগ লৈ আগলৈ এনে ধৰণৰ স্বচ্ছ নিকা নিযুক্তি প্ৰক্ৰিয়া চলাই দুখীয়া – নিছলাকে আদি কৰি সকলো মেধাসম্পন্ন যুৱক- যুৱতীক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

