এগৰাকী ছাত্ৰক বিদ্যালয়ৰ প্ৰধান শিক্ষকে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি শণিবাৰে উত্তপ্ত হৈ পৰে জামুগুৰিহাটৰ এখন বিদ্যালয়৷জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ এইগৰাকী প্ৰীন্স শৰ্মাই কালি বিদ্যালয়খনৰ বিৰতিৰ সময়ত লগৰ বন্ধুৰ সৈতে খেলি থকা অৱস্থাত বিদ্যালয়খনৰে প্ৰধান শিক্ষক দধিৰাম শৰ্মাই সাধাৰণ কথাতেই ছাত্র জনক উপৰ্যপুৰী প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে৷প্ৰধান শিক্ষক এইগৰাকী দধিৰাম শৰ্মাৰ প্ৰহাৰত ১৩ বছৰীয়া ছাত্ৰজনে পিঠি,হাত,ভৰি আৰু মুৰত আঘাত পোৱাত নিশা জ্বৰে বিষে কটাবলগীয়া হোৱাত শণিবাৰে পৰিয়ালৰ লোকে চিকিৎসাললৈ আনি চিকিৎসকৰ পৰামৰ্শ ল’বলগীয়া অৱস্থাৰ সৃষ্টি হয়৷ছাত্ৰজনে যদি কিবা ভূল কৰিছে তেন্তে পৰিয়ালৰ লোকক অৱগত নকৰি এইদৰে কি কাৰণত প্ৰধান শিক্ষকগৰাকীয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অধিকাৰ পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱকে৷


আনহাতে প্ৰায়ে ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰা এইগৰাকী প্ৰধান শিক্ষকৰ এনে কৰ্মকাণ্ডৰ বাবে আজি উত্তপ্ত হৈ পৰে বিদ্যালয়খনৰ চৌহদ৷এগৰাকী ছাত্ৰক এইদৰে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰা প্ৰধান শিক্ষকৰ ওপৰত এইদৰেই খৰ্গগ্ৰস্ত হৈ অভিভাৱকসকলে বিদ্যালয়খনত এক উত্তেজনময় পৰিৱেশৰ সৃষ্টি কৰি প্ৰধান শিক্ষকগৰাকীৰ উচিত শাস্তিৰ দাবী তুলি বিদ্যালয়খনৰপৰা বদলি কৰিবৰ বাবে উৰ্দ্ধতম কৰ্তৃপক্ষক অনুৰোধ জনাই।

