হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাজতেই চৰাইদেউ সাপেখাতীত সংঘটিত হ’ল শোকাৱহ ঘটনা৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হব নোৱাৰি নিজৰ গাত কেৰাচিন ঢালি আত্মজাহৰ প্ৰচেষ্টা এগৰাকী ছাত্ৰীৰ৷ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল পৰীক্ষাত৷ ৰহন গোহাঁই গাঁৱৰ পল্লৱী বৰগোহাঁইয়ে চাৰি খন কাকতে উত্তীৰ্ণ হব নোৱাৰাৰ বাৱেই সংঘটিত কৰিলে এই ঘটনা৷
ছাত্ৰী গৰাকী ইতিমধ্যে ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ হৈছে৷ পৰিয়ালৰ লোকে প্ৰথমে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷

