টংলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুৰ্ত্তীণ ছাত্ৰীৰ আত্মহনন

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হৈ ওদালগুৰি জিলাৰ টংলাৰ নিকটৱৰ্তী পশ্চিম হাঁহিনী গাঁৱৰ জেনি ওৰফে মাইনাও শৰনীয়া(১৮)ই আত্মহননৰ পথ বাচি লোৱা কাৰ্যই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ টংলাৰ পশ্চিম হাঁহিনী গাঁৱৰ গজেন শৰনীয়া আৰু দীপালী শৰনীয়াৰ কন্যা জেনী শৰনীয়াই টংলা ইংলিশ মেডিয়াম হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হৈ আজি ঘোষিত ফলাফলত চাৰিটা বিষয়ত অকৃতকাৰ্য হৈ পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বেজাৰত আবেলি প্ৰায় ৪-৩০ বজাত ৰে’লগাড়ীৰ সন্মুখত জপিয়াই দি আত্মহত্যা কৰে ৷

ছাত্ৰীগৰাকীয়ে আকষ্মিকভাৱে লোৱা এই চৰম সিদ্ধান্তই শৈক্ষিক নগৰী টংলাত গভীৰ শোকৰ ছাঁ পেলাইছে৷

Related Articles