ফাগুন মাহৰ বতৰত আমাৰ চুলি খুব শুকান হয়। চুলিৰ আগবোৰো বৰকৈ ফাটি যায়। এনে ক্ষেত্ৰত আমি কিছু যত্ন ল’ব লাগে। তাৰেই উপায় কেইটামান আগবঢ়ালো।
- প্রতিবাৰ শ্বেম্পু কৰাৰ আগেয়ে অলিভ অইল, তিল তেল আৰু বাদামৰ তেল সমান পৰিমাণে মিহলাই চুলিত লগাব লাগে। প্রায় ৩০ মিনিটমান এইদৰে থকাৰ পাছত চালফেট ফ্রী শ্বেম্পুৰ দ্বাৰা শ্বেম্পু কৰিব লাগে, এই তেল লগাই শ্বাৱাৰ কেপ পিন্ধি থাকিব পাৰিলে ভাল।
- এইকেইদিন শ্বেম্পু কৰাৰ পাছত অইলযুক্ত কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগে।
- চুলিৰ গুৰিত বগা ভিনেগাৰ আৰু পানী সমান পৰিমাণে মিহলাই কপাহৰ সহায়ত লগাব লাগে।
- কণীৰ কুহুম দুটা আৰু মেয়নিজ ৪ চামুচ মিহলাই চুলিত আধা ঘন্টাৰ বাবে লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। পাছত শ্বেম্পু কৰি অইল মিৰাক’ল লগাব। এনেদৰে কৰিলে চুলি ক্রমান্বয়ে কোমল হ’ব।
- স্মোথ চাইন’ট্ৰিটমেন্ট কৰিলে চুলি তৎক্ষণাত মিহি হয়। বিশেষকৈ যিসকলে চুলিত ৰং কৰে, তেওঁলোকৰ নিয়মিত এই ট্রিটমেন্ট কৰিলে চুলি মিহি হয়।
- চুলিত যদি আমি কমলাৰ বাকলিৰ গুৰিৰ দ্বাৰা স্পা কৰো, তেন্তে চুলি মিহি হয়।
- খুব বেছি শুকান চুলিৰ বাবে মৌ আৰু গাখীৰৰ ক্ৰীম সমানে মিহলাই ব্যৱহাৰ কৰিলে চুলিৰ শুকান আৰু অৱস্থা কমি যায়। মৌ, গাখীৰৰ ক্ৰীম আৰু ছালকুঁৱৰীৰ জুলীয়া অংশ ভালদৰে মিহলাই চুলিত লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। পাছত ছালফেট ফ্রী শ্বেম্পুৰ দ্বাৰা শ্বেম্পু কৰি চুলিৰ মসৃণতা বঢ়াব পাৰে।
- আমি বেছিভাগেই বহুতো কেমিকেলযুক্ত সামগ্ৰী, যেনে- শ্বেম্পু, কালাৰ, হেয়াৰ স্প্ৰে আদি ব্যৱহাৰ কৰো। কিন্তু ইয়াৰ পৰা কেতিয়াবা চুলিৰ অৱস্থা বৰ বেয়া হয়। খহটা চুলি ছিঙি যায়। সেইবাবে চুলিত আয়ুর্বেদিক ট্রিটমেন্ট কৰাব লাগে। সপ্তাহত তিনিবাৰকৈ কৰিলে চুলিৰ অৱস্থা ভাল হৈ আহে।
- মার্চ মাহত চুলি ট্রীম কৰিব লাগে। এই সময়ত শুকান বতাহৰ বাবে আমাৰ চুলিৰ আগ খুব ফাটি যায়। সেই বাবে চুলিৰ আগবোৰ কাটি দিলে চুলি সোনকালে দীঘল হয়।
- চুলিত আমি কৰ্দৈৰ ৰস আৰু মিথি পাউডাৰৰ গুড়ি ভালদৰে মিহলাই লগালে চুলিৰ গুৰি পৰিষ্কাৰ হয়। উফিও নাইকিয়া হয়। চুলিৰ গুৰিৰ মৃত কোষসমূহ পৰিষ্কাৰ কৰি দিয়াৰ ফলত চুলি সোনকালে দীঘল হয়।
- চুলিৰ বাবে আমি নিয়মিত আসন কৰিলে চুলিৰ মসৃণতা বাঢ়ে। তদুপৰি মানসিক হেঁচা দূৰ হয়। চুলি সোনকালে দীঘল হয়।
- সেউজীয়া শাক-পাচলি, অমিতাৰ ফুল, ঔটেঙা আদি নিয়মিত খালে চুলিৰ স্বাস্থ্য ভালে থাকে। গাজৰৰ ৰসো আতি উত্তম।
এইদৰেই মার্চ মাহত অর্থাৎ ফাগুনৰ বতৰত চুলিৰ যত্ন লৈ চুলিৰ স্বাস্থ্য ভালে ৰাখিব লাগে ।

