Breaking

তামুলপুৰৰ অভয়পুৰৰ পৰা ১৭ দিন ধৰি সন্ধানহীন চাৰি বছৰীয়া সন্তান সহ এগৰাকী মহিলা

0 1,061

তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকী অন্তৰ্গত অভয়পুৰৰ পৰা সন্ধানহীন হৈ আছে চাৰি বছৰীয়া সন্তান সহ এগৰাকী মহিলা। জানিব পৰা মতে যোৱা ২৭ মেৰ দিনাৰ পৰা নিজৰ মাকৰ ঘৰৰ পৰা সন্ধানহীন হৈ আছে আৰতী মণ্ডল (৩৩) নামৰ মহিলাসহ তেওঁৰ চাৰি বছৰীয়া সন্তান। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ২৭ মেৰ দিনা সন্ধিয়া প্ৰায় তিনি বজাত কুমাৰীকাটা বজাৰলৈ শাক পাচলি বিক্ৰী কৰিবলৈ আৰতী মণ্ডলে তেওঁৰ চাৰি বছৰীয়া সন্তানক লৈ ওলাই গৈছিল কিন্তু ঘৰলৈ ঘুৰি নহাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে আৰতী মণ্ডল সাত বছৰ আগতে কাউলীৰ চঞ্চল হৱালদাৰ নামক ব্যক্তিৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল কিন্তু আৰতী মণ্ডলে যোৱা চাৰি ধৰি বছৰ মাকৰ ঘৰত থকাৰ লগতে পাচলিৰ ব্যৱসায়ী কৰি আহিছিল। দৈনিক তেওঁ কুমাৰীকাটা লৈ শাক-পাচলি বিক্ৰী কৰিবলৈ গৈছিল।

২৭ মেৰ দিনাও কুমাৰীকাটাত পাচলি বিক্ৰী কৰিবলৈ গৈ উভতি অহা নাই তেওঁ। বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনোধৰণৰ শুংসুত্ৰ উলিয়াব নোৱাৰাত পৰিয়ালৰ লোকে নিৰুদ্দেশ হোৱা সন্দৰ্ভত কুমাৰীকাটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়েও আজিলৈকে কোনোধৰণৰ খবৰ দিবলৈ সক্ষম নহ’ল শিশু সহ মহিলাগৰাকীৰ। কোনো লোকে শিশুটি নাইবা মহিলা গৰাকীৰ সন্ধান পালে তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৬৯০১০৬৯৪৫৭, ৭৬৩৭০৩৭২০০

Leave A Reply