Breaking

শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুনৰ প্ৰতিবাদ যৌথ সংগ্ৰামী মঞ্চৰ। ৩৭ নং ফ’ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নামত ১০০ কোটিৰো অধিক টকা কেলেংকাৰী হোৱাৰ অভিযোগ সংগঠনটোৰ

0 1,036

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ পুনৰ প্ৰতিবাদ । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ।ডিমৌৰ পৰা জাঁজী পৰ্যন্ত ৩৭ নং ফ’ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ছোৱাৰ অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছে যে, সাধাৰণ ৰাইজে এতিয়া জিয়াটো ভূগিব লগা হৈছে । জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিঃ মি এই পথ নিৰ্মাণৰ বাবে প্ৰথমে এন এইচ আই ডি চি এলে গেনন ডাংকাৰলী কোম্পানী লিমিটেড নামৰ এক কোম্পানীক ঠিকা প্ৰদান কৰিছিল । উক্ত কোম্পানীয়ে ভি এছ ডি ইনফ্ৰাকন এল এল পি নামৰ আন এক প্ৰতিষ্ঠানক উপ ঠিকা প্ৰদান কৰিছিল । যদিও এন এইচ আই ডি চি এলৰ সহযোগত এই প্ৰতিষ্ঠানে এক ব্যাপক লুণ্ঠন কৰি পলায়ন কৰে ।তেতিয়াৰ পৰা ৪৪ কিঃ মিঃ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণ নোহোৱাকৈ বিধ্বস্ত অৱস্থাত পৰি আছে ।

এই ফ’ৰলেণ্ড যুক্ত পথৰ কামত বহুতো চৰকাৰী আমোলা, ৰাজনৈতিক নেতা- পালিনেতা, ঠিকাদাৰ, মণ্ডল, উচ্চ পদস্ত বিষয়া কৰ্মচাৰী জড়িত হৈ থকাৰ কথা ইতিমধ্যে চৰ্চালৈ আহিছে । গতিকে চৰকাৰে ৰাইজৰ বৃহৎ স্বাৰ্থত এই বিয়াগোম কেলেংকাৰীৰ উচিত তদন্ত ঘোষণা কৰাক লৈ এতিয়া বিভিন্ন মহলত দাবী উত্থাপন হৈছে । এই প্ৰতিবাদী কাৰ্যসূচীৰে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি সমাগত ৭ টা দিনৰ ভিতৰত একো ব্যৱস্থা নললে ৩৭ নং ফ’ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ যৌথ সংগ্ৰামী মঞ্চৰ ।

Leave A Reply