আজি মন্ত্ৰী পিযূষ হাজৰিকাৰ জন্মদিন। মন্ত্ৰী গৰাকীৰ জন্মদিনত তেওঁৰ শুভাকাংক্ষীয়ে জনালেঁ জন্মদিনৰ শুভেচ্ছা। পত্নী আইমী বৰুৱাই স্বামী জন্মদিনত শুভেচ্ছা জনাই ছ’চিয়েল মিডিয়াত প’ষ্টৰ জৰিয়তে শুভেচ্ছা জনাই ক’লে-

“চৌপাশে চিৰদিন পোহৰ আৰু ফুলবোৰ ফুলি থাকক..”
মানুহৰ বাবে যি উদ্যম, সাহসেৰে তুমি কাম কৰা তাক লৈ মই গৌৰৱান্বিত। সকলোৰে ভালৰ বাবে যি শুভ ইচ্ছাৰে তুমি সদায় আগবাঢ়া তাৰ প্ৰতি মোৰ বুকুত আছে এখিনি আছুতীয়া শ্ৰদ্ধা। ভালে থাকা, স্নেহ আৰু আদৰেৰে মই সদায় তোমাৰ কাষত…💚
জন্মদিনৰ অলেখ শুভেচ্ছা যাচিলো।
আমাৰ ফালৰ পৰাও মন্ত্ৰীগৰাকীৰ জন্মদিনত জনালোঁ অলেখ শুভকামনা।

