শেনচোৱা মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে ৰাজহুৱা সভা

টেঙাখাত শিক্ষা খণ্ড অন্তগত শেনচোৱা মজলীয়া বিদ্যালয়খন ৫০ বছৰ অৰ্থাত সোণালী জয়ন্তী আয়োজন বাবে এখনী ৰাজহুৱা সভা আয়োজন কৰা হয়৷এই ৰাজহুৱা সভা সভাপতি কৰে অৱসৰ প্ৰাপ্ত শিক্ষক জাপান বৰুৱা৷সভা উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক বাবুল ফুকনয়ে৷এই ৰাজহুৱা সভাত উপস্থিত থাকে শেনচোৱা মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰতিস্তাপক প্ৰধান শিক্ষক প্ৰদিপ বৰুৱা ,অৱসৰ প্ৰাপ্ত শিক্ষক উমেশ শইকীয়া ,ভানু হাজৰিকা , গোপিনাথ ফুকন , কবি ও সাহিত্যিক প্ৰতাপ হাজৰিকা , আঞ্চলিক সদস্যা কুসুম বৰুৱা, পৰিচালনা সমিতি সভাপতি লৱ তাঁতি, প্ৰাক্তন ছাত্ৰ ইন্দ্ৰু বৰুৱা , শান্তনো বৰুৱা,
শিক্ষক- শিক্ষয়িত্ৰী , অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী লগতে বহুতো গণ্য মাণ্য ব্যক্তি উপস্থিত থাকি নিজ নিজ বক্তব্য আগবঢ়াই৷

উল্লেখযোগ্য যে এই সভাতে সভাপতি প্ৰদিপ বৰুৱা (শেনচোৱা মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰতিস্তাপক প্ৰধান শিক্ষক )সম্পাদক ধন বৰুৱা কে আদি কৰি প্ৰায় ২১ জনীয়া কৈ অধিক এখন শক্তিশালি কমিটি গঠন কৰা হয় ৷

Related Articles