ৰাজ্যৰ কেইবাখনো জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন। ইয়াৰ বিপৰীতে মুকালমুৱাৰ বৈঠাভাঙাত দেখাবলৈ পোৱা গল এক ব্যতিক্ৰমী দৃশ্য। চাউলখোৱা জানৰ বাঢ়নি পানীত শ শ লোকে কৰিলে সমূহীয়া মৎস্য চিকাৰ। বৈঠাভাঙাত অৱস্থিত এইখন পকী দলংকৰ তলেৰে অহা চাউলখোৱা জানৰ পানীত মাছৰ উজান দেখি সমাগম হয় বহু লোকৰ। কোনেয়ে যদি মৎস্য চিকাৰত ব্যস্ত আন একাংশ লোকে ব্যস্ত মাছ ক্ৰয় কৰাত। হথাৎ বহি উঠিল এখন অস্থায়ী মাছৰ বজাৰ। কুইন্টলে কুইন্টলে মাছ ওলাইছে বৈঠাভাঙাৰ এইখন অস্থায়ী বজাৰত। কম মূল্যত মাছ ক্ৰয় কৰিবলৈ বহু দূৰ দূৰণিৰ পৰা সমাগম হয় অসংখ্য লোকৰ। এই দৃশ্যই এতিয়া আমোদ দিয়ে অঞ্চলটোৰ লোক সকলক।


ইয়াৰ মাজতে এক অঘটনৰ পৰা কথমপি ৰক্ষা পৰে এজন লোক। মৎস চিকাৰ কৰি থকা অৱস্থাত লোকজনক পানীৰ সোতে উটুৱাই নিয়াত লাগিল হাহাকাৰ। অৱশ্যে লোকজনক পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি কোনো মতে প্ৰাণ ৰক্ষা কৰে।

