হাইলকান্দিত ভুমিস্খলনৰ ফলত মৃত্যু এগৰাকী যুৱকৰ

হাইলকান্দিত ভুমিস্খলনৰ ফলত মৃত্যু এগাৰকী যুবকৰ।মৃত্যু হোয়া যুবক জনৰ নাম বাহাৰ উদ্দিন লস্কৰ বুলি জানিব পৰা গৈছে।মৃত্যু হোৱা যুৱকজনৰ ঘৰ হাইলাকান্দি জিলাৰ কাটলিছড়া সমষ্টিৰ দীননাথপুৰ গাঁৱৰ।আজি ৰাতিপোৱা প্ৰায় ৯ টা বজাত মাছ মাৰিবলৈ যোৱাৰ বাবে ঘৰৰ পৰা উলাইছিল বাহাৰ উদ্দিন লস্কৰ আৰু মাছ মৰি থকা যোৱাৰ সময়ত হতাৎ ভুমিস্খলনৰ ঘটনা সংঘটিত হয় আৰু যাৰ ফলত মৃত্যু হয় এই যুৱকজনৰ।

ঘটনাৰ খবৰ পাই ঘটনাস্থতিল গৈ উপস্থিত হৈ আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ দল।বৰ্তমানে মৃতদেহ ময়না তদন্তৰ ভাবে হাইল‍াকান্দি এস কে ৰায় অসামৰিক চিকিৎসালয় লৈ অহা হৈছে।

Related Articles