এইবাৰ বিষ্ণু ৰাভা দিৱসত প্ৰদান কৰা হ’ব সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা

এইবাৰ বিষ্ণু ৰাভা দিৱসত প্ৰদান কৰা হ’ব সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ ৩টা ৰাষ্ট্ৰীয় আৰু ৯টা ৰাজ্যিক বঁটা।নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্ৰ-শিল্পী চন্দ্ৰকমল গগৈলৈ ‘বিষ্ণু ৰাভা বঁটা’।নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ডঃ অনুংলা আয়াৰলৈ ‘কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা’।গৱেষক-পণ্ডিত ডঃ নৰেন কলিতালৈ ‘কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা’,লোকতত্ত্ববিদ ডঃ অমলেন্দু ভট্টাচাৰ্যলৈ ‘আজান পীৰ ৰাষ্ট্ৰীয় বঁটা’।বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ ‘পাৰ্ৱতিপ্ৰসাদ বৰুৱা বঁটা’,লেখিকা ইলা বৰগোহাঁইলৈ ‘অমলপ্ৰভা দাস বঁটা’,লীলাৱতী কুশ্ৰেলৈ ‘চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা’,ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ ‘মামণি ৰয়ছম গোস্বামী বঁটা’,সাহিত্যিক ছবিলাল উপাধ্যায়লৈ ‘চৈয়দ আব্দুল মালিক বঁটা’,অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ ‘আহমদ আলী বাঁশকান্দি বঁটা’,কবি বংশী বৰালৈ ‘গণেশ গগৈ বঁটা’,সমাজ সেৱক হেমন্ত গোহাঁইলৈ ‘স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা’,নৃত্য-শিল্পী ননী বৰুৱালৈ ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’।

আনহাতে মন্ত্ৰী বিমল বৰাই সংবাদ মেল যোগেদি জনাই যে ৰবীন্দ্ৰ ভৱনত চৰকাৰীভাবে উদযাপন কৰাৰ কথা আছিল বিষ্ণু ৰাভা দিৱস।কিন্তু ৰবীন্দ্ৰ ভৱনত পানী সোমোৱাৰ বাবে বাতিল হ’ল অনুষ্ঠান।তাৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত অনুষ্ঠিত হ’ব বিষ্ণু ৰাভা দিৱস।২০ তাৰিখে ৫.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব এইসমূহ বঁটা।

Related Articles