বিটিআৰত নতুন চৰকাৰ গঠন হোৱাৰ দুবছৰৰ অন্তত বাসুগাঁও পৌৰসভাৰ নবনিৰ্বাচিত পৰিচালনা সমিতিৰ শপত গ্ৰহণ। নৱগঠিত কমিটিৰ সভাপতিৰ বিপক্ষে স্বেৱাহী সংগঠন সোসাইটিৰ অৱস্থান ধৰ্ণা কাৰ্যসূচী

বিটিআৰত নতুন চৰকাৰ গঠন হোৱাৰ দুবছৰৰ অন্তত নবনিৰ্বাচিত ১৩ জনীয়া সদস্যৰে বাসুগাওঁ পৌৰসভাৰ পৰিচালনা সমিতিয়ে বাসুগাওঁ পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা চিদলী চক্ৰ বিষয়া অমিত ৰঞ্জন বৰ্মনৰ উপস্থিতিত শপত গ্ৰহণ কৰে। ইয়াক কেন্দ্ৰ কৰি নবনিৰ্বাচিত এই সমিতিৰ বিৰুদ্ধে সেৱাই সংগঠন নামৰ এটি সংস্থাই ৰাতিপুৱাৰে পৰা পৌৰসভাৰ প্ৰৱেশ দ্বাৰত অৱস্থান ধৰ্ণা কাৰ্যসূচীৰ যোগেদি তীব্ৰ বিৰোধিতা কৰে যদিও সষ্ঠম প্ৰশাসনৰ উপস্থিতিত ধৰ্ণা কাৰ্যসূচী ত্যাগ কৰিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে যোৱা দুবছৰ ধৰি বাসুগাওঁ পৌৰসভাৰ পৰিচালনা সমিতি নথকাত স্হানীয় ৰাইজে সদায়েই বিভিন্ন কৰ্মৰাজীৰ ক্ষেত্ৰত হাৰাশাস্তি পাব লগীয়া হোৱাত ইয়াৰ পূৰ্বেও একাধিক বাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে যদিও আজি অৱশেষত এই শপত গ্ৰহণ কাৰ্যসূচী সম্পূৰ্ণ হোৱাত স্থানীয় ৰাইজে এতিয়াৰে পৰা কিছু পৰিমাণে হ’লেও সকাহ পোৱা যাব বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য যে দুবছৰ উকলি যোৱাৰ পিছতো বাসুগাওঁ পৌৰসভাৰ পৰিচালনা সমিতি ইমান দিনে গঠন নোহোৱাত অঞ্চলটোৰ সকলোবোৰ গঠনমূলক কাম স্থগিত হৈ থকাত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈ আহিছিল। উল্লেখ্য যে সভাপতি হিচাপে বাসুগাওঁ সুভাষ নগৰ নিবাসী সাধন মন্ডল আৰু উপ সভাপতি হিচাপে মখম বসুমতাৰীৰ সৈতে এক নম্বৰ ওৱাৰ্ড পৰা ভাস্কৰ মন্ডল আৰু দীপাংকৰ দে, ২ নম্বৰ ওৱাৰ্ডৰ পৰা সুৰজীৎ দে, ৰূপক দাস আৰু হিতেশ ৰায়,৩ নম্বৰ ওৱাৰ্ডৰ পৰা অজয় বসুমতাৰী, উত্তম চৌধুৰী আৰু ৰীতা তালুকদাৰ আৰু ৪ নম্বৰ ওৱাৰ্ডৰ পৰা সঞ্জয় চন্দ।

Related Articles