চাংসাৰি বালিকা বিদ্যালয়ত ৫ দিনীয়া মডেলিং ৱৰ্কচপৰ সফল সমাপ্তি

গ্ৰীষ্ম বন্ধ উপলক্ষে চাংসাৰিত আয়োজন কৰা হয় ৫ দিনীয়া মডেলিংৰ প্ৰশিক্ষণ। মেক আপ আৰ্টিষ্ট পূৰবী ডেকা কলিতা আৰু ডিজাইনাৰ দেৱজিৎ বড়ো উদ্যোগত আয়োজিত এই মডেলিং প্ৰশিক্ষণ শিবিৰত প্ৰায় ৫০ গৰাকী যুৱক যুৱতী মহিলা আৰু শিশুৱে অংশগ্ৰহণ কৰে।

এই শিবিৰত প্ৰশিক্ষক হিচাপে মিষ্টাৰ ইণ্ডিয়া ৱৰ্ল্ড ৱাইড ২০২১ প্ৰবাল ডেকা আৰু মডেল জানজ্যোতি চৌধুৰীয়ে প্ৰশিক্ষণ প্ৰদান কৰে। সামৰণি অনুষ্ঠানত সকলো অংশগ্ৰহণকাৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

মান্দাকাটাৰ পৰা ইফ্তাজুল হকৰ প্ৰতিবেদন

Related Articles