চাপৰৰ ১৮৭৯ নং কাজিপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা চিত্ৰাংকণ প্ৰশিক্ষণৰ সফল সামৰণি

সুখ্যাতিৰে উৰ্ত্তীণ হৈ কাজিপাৰলৈ গৌৰব কঢ়িয়াই অনা দহ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন।চাপৰৰ কাজিপাৰা ইয়ং ক্লাৱৰ উদ্যোগত ১৮৭৯ নং কাজিপাৰা প্ৰাথমিক বিদ্যালয়ত গ্ৰীষ্মকালীন বন্ধত শিশুৰ মানসিক বিকাশ বৃদ্ধি কৰাৰ উদ্দেশ্য চলিছিল বিশেষ প্ৰশিক্ষণ।

চাপৰৰ সচেতন যুৱক আবুল কালাম আজাদ আৰু বদিউৰ জামানে প্ৰাক প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক নৃত্য, কলা চাৰু আদি প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছিল। অঞ্চলটোৰ শতাধিক শিশু ছাত্ৰ ছাত্ৰী উক্ত প্ৰশিক্ষণত অংশ গ্ৰহণ কৰিছিল।

সেই উপলক্ষে আজি এখনী সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা আঠ গৰাকী ছাত্র ছাত্ৰীৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈ কাজিপাৰলৈ গৌৰব কঢ়িয়াই অনা দহ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।লগতে সমাজৰ বয়জেষ্ঠ সকলোক সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Articles