অসমৰ অন্যতম ভূমিপুত্ৰ ৰাভা জনগোষ্ঠীৰ ভগ্নী সংগঠন নিখিল ৰাভা মহিলা পৰিষদৰ ২৯তম প্ৰতিষ্ঠা দিৱসৰ আয়োজন।
তিনিচুকীয়া জিলা নিখিল ৰাভা মহিলা পৰিষদৰ উদ্যোগত জাগুন সোণালী জনজাতি ৰাভা গাঁৱত অহা ৭ আৰু ৮ আগষ্ট তাৰিখে অনুষ্ঠিত হব এই প্ৰতিষ্ঠা দিৱস।
প্ৰায় ১০ লক্ষাধিক টকা বাজেটেৰে আয়োজন হব লগা এই প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি এতিয়া তুংগত। জাগুনৰ ৰাভা জনগোষ্ঠীৰ বুঢ়া মেঠা,পুৰুষ মহিলা, কিশোৰ কিশোৰী সকলো ব্যস্ত এতিয়া প্ৰস্তুতি কাৰ্য্যত। প্ৰতি দিনাই বিভিন্ন ৰাভা জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ লগতে নিজা কৃষ্টি সংস্কৃতিৰ গীত নিত্যৰ আখৰাৰে উদুলি – মুদুলি পৰিৱেশ জাগুন সোণালী জনজাতি ৰাভা গাঁৱৰ বাকৰি।