Breaking

জনজাতিকৰণৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰ প্ৰাঙ্গণত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

0 1,540

অসমৰ আদিম অধিবাসী ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক,অৰ্থনৈতিক,সংস্কৃতি,ক্ৰীড়াৰ উন্ময়নৰ লগতে জনজাতিকৰণ প্ৰদানৰ সম্পৰ্কটো নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে।উল্লেখিত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগত বিগত বছৰত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হৈছে।পৰিতাপৰ বিষয় দাবীসমূহ সমাধানৰ ক্ষেত্ৰত আলোচনাত পোৱা আশ্বাস সমূহ কেৱল মাত্ৰ আলোচনাৰ মাজতে আৱদ্ধ হৈ থকাত জনগোষ্ঠীটোৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে বুলি মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক উজ্জ্বল বৰুৱাই উল্লেখ কৰে।

সেয়েহে আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত শতাধিক ৰাইজৰ উপস্থিতিত দিলীৰ যন্তৰ মন্তত মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰীয়ে কেন্দ্ৰীয় চৰকাৰ হায় হায়,অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, ন’ এছটি ন’ৰেষ্ট, ইত্যাদি শ্ল’গানেৰে দিল্লীৰ আকাশ-বঁতাহ কপাই তোলে।


প্ৰতিবাদ স্থলিত মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, সভাপতি সত্য গোঁহাই,সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা,সহ সম্পাদক অনন্ত বৰুৱা আৰু দিগন্ত দত্ত,শিক্ষা ও প্ৰযুক্তি সম্পাদক নয়নমণি ফুকণ,মুখ্য সাংগঠনিক সম্পাদক উপেন সেনাপতি,তিনিচুকীয়া জিলাৰ সভাপতি কৃষ্ণকান্ত কাকতি,মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা,সম্পাদক সুলভ জ্যোতি শইকীয়া উপস্থিত থাকে।কাৰ্যসূচীৰ অন্তত মাননীয় ৰাষ্ট্ৰপতি,প্ৰধান মন্ত্ৰী,গৃহমন্ত্ৰী,জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Leave A Reply