ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ থকা স্বাধীনতা দিব কাপ ফুটবল প্ৰতিযোগিতাত গোগামুখ ইউনাইটেড এফ চি আৰু গোগামুখ মৰ্ণিং এফ চিয়ে পৰবৰ্তী ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷ গোগামুখ মহাবিদ্যালয় এফ চি আৰু গোগামুখ ইউনাইটেড এফ চিৰ মাজত অনুষ্ঠিত হোৱা খেলখনত গোগামুখ ইউনাইটেড এফ চিয়ে গোগামুখ মহাবিদ্যালয় এফ চিক ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰবৰ্তী ৰাওণ্ডত প্ৰৱেশ কৰে ৷
উত্তেজনাপূৰ্ণ খেলখনত ১৬-১৮ বছৰীয়া খেলুৱৈৰে গঠিত গোগামুখ মহাবিদ্যালয় এফ চিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ বাছকবনীয়া খেলুৱৈৰে গঠিত গোগামুখ ইউনাইটেড এফ চিক সুন্দৰ বুজা-পৰাৰ মাজেৰে চাপত ৰাখিবলৈ সক্ষম হোৱাৰ লগতে ৭ টাকৈ গল দিয়াৰ নিশ্চিত সুযোগ লাভ কৰিছিল যদিও অভিজ্ঞতাৰ অভাৱত এটাও গল কৰিবলৈ সক্ষম নহ’ল ৷
গোগামুখ মহাবিদ্যালয় এফ চিৰ প্ৰতিটো আক্ৰমণ ইউনাইটেড এফ চিৰ অভিজ্ঞ ডিফেণ্ডাৰ সকলে প্ৰতিহত কৰিবলৈ সক্ষম ৷ আন এখন খেলত গোগামুখ মৰ্ণিং এফ চিয়ে ওখমাটি এফ চিক ৭-০ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰবৰ্তী ৰাওণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ উত্তেজনাহীন খেলখনত ওখমাটি দলৰ খেলুৱৈ সকলৰ দুৰ্বল খেলে উপস্থিত দৰ্শকক নিৰাশ কৰে ৷