Breaking

২৩ বছৰে শিক্ষকতা কৰিও দৰমহা নোপোৱা এজন শিক্ষকে অৱসৰৰ পিছতো অব্যাহত ৰাখিছে পাঠদান …

0 175

শিক্ষকসকল মমৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে।’ – এই কথাষাৰি নগাঁৱৰ এগৰাকী শিক্ষকৰ ক্ষেত্ৰত শুদ্ধ ৰূপত প্ৰতিফলিত হৈছে। তেওঁৰ নাম হৈছে ৰাজীৱ বৰুৱা । প্ৰায় ২৩ বছৰীয়া শিক্ষকতাৰ কাৰ্যকালত এই শিক্ষকজন বিনা পাৰিশ্ৰমিকৰে শিক্ষাদানৰ দৰে মহান কাৰ্যত ব্ৰতী হৈ থাকিল। ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ নগাঁৱৰ আৰবান বেচিক স্কুলত শিক্ষকৰ পদত যোগদান কৰিছিল। তেতিয়াৰে পৰা প্ৰায় ২৩ বছৰ নিৰন্তৰভাবে শিক্ষাদানত ব্ৰতী হৈ থকা শিক্ষকজনে চলিত বৰ্ষৰ মাৰ্চ মাহত এই বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহণ কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ দিনতে অ’ বি বি শিক্ষক হিচাপে অন্য বহু কেইজনৰ লগতে ৰাজীৱ বৰুৱাইও নিযুক্তি পাইছিল। তেওঁৰ লগৰ অন্য সকলে চাকৰি লাভ কৰি নিয়মীয়া দৰ্মহা লাভ কৰে যদিও ৰাজীৱ বৰুৱা মাহিলী দৰমহাৰ পৰা পিছে বঞ্চিত হৈ ৰ’ল।

কিন্তু আৰ্থিক অভাৱ-অনাটনৰ মাজেৰেই তেওঁ শিক্ষাদান কৰি থাকিল ৷ চলিত বৰ্ষৰ মাৰ্চ মাহত বিনা বেতনে তেওঁ অৱসৰগ্ৰহণ কৰে ৷ অৱসৰৰ পাছতো বিদ্যালয়খনৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষক বৰুৱা বৰ্তমানেও শিক্ষা দানত ব্ৰতী হৈ আছে। নগাঁও আৰবান বেচিক স্কুলৰ পৰিচালনা সমিতিয়েও তেওঁক পাঠদানৰ কামত নিয়োজিত কৰি ৰাখিছে ৷ বৰুৱাই মানব সম্পদ গঢ় দিয়াৰ প্ৰচেষ্টাতে নিজকে নিয়োজিত কৰিবলৈ পাই সুখী। চাকৰিত দৰ্মহা লাভ নকৰাৰ বাবে আদালতৰো দ্বাৰস্থ হৈছিল শিক্ষকজন। কিন্তু তেওঁ কোনো সুফল নাপালে ৷

ধনৰ অভাৱৰ বাবেই অতি মেধাবী হোৱাৰ পাছতো নিজ পুত্ৰই বিচৰা ধৰণে শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিব নোৱাৰিলে বৰুৱাই ৷ বৰুৱাই তেওঁৰ সুদীৰ্ঘ শিক্ষকতাৰ কালত বহুতৰে শৈক্ষিক জীৱন শিক্ষাৰ আলোকেৰে আলোকিত কৰিলে । শিক্ষকতাৰ ২৩ বছৰত মাহিলী দৰমহা নাপালেও অৱসৰকালীন পেঞ্চনৰ ব্যৱস্থা কৰি দিবৰ বাবে ৰাজীৱ বৰুৱাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

যাতে জীৱনৰ বাকীচোৱা সময় জীয়াই থকাৰ ক্ষেত্ৰত তেওঁ কিছু সকাহ লাভ কৰে ৷ বৰ্তমানৰ চৰকাৰখনে শিক্ষক ৰাজীৱ বৰুৱাৰ এই আহ্বান শুনিবনে ? সমগ্ৰ কাৰ্যকাল দৰ্মহাৰ পৰা বঞ্চিত ৰাজীৱ বৰুবাই পেঞ্চন লাভ কৰিবনে ? অন্যহাতেদি কাৰ হেমাহিৰ বাবে ৰাজীৱ বৰুৱাৰ দৰে এজন নিষ্ঠাবান শিক্ষক দৰ্মহাৰ পৰা বঞ্চিত হৈ ৰ’ল সিও এক ডাঙৰ প্ৰশ্ন ৷

Leave A Reply