বৰপেটা সত্ৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সংগতি ৰাখী নন্দোৎসৱ পালন…

দ্বিতীয় বৈকুণ্ঠপুৰী খ্যাত বৰপেটা সত্ৰত জন্মাষ্টমীৰ সংগতি ৰাখি নন্দোৎসব পালন কৰা হয়।নন্দোৎসব বা স্থানীয় ভাষাত পেক যাত্ৰা বুলি কোৱা হয়।এই নন্দোৎসব গোপ শিশু সকলে টুপৰ চোতালত পালন কৰে।নন্দোৎসবৰ বিশেষ আকৰ্ষণ পৰম্পৰা অনুসৰি শ্ৰীকৃষ্ণৰ গণনা কাৰ্যসূচী।

বৰপেটা সত্ৰৰ ভিতৰত নিত্য প্ৰসংগ হোৱা স্থানৰ পৰা নাম কীৰ্তন আৰম্ভ কৰি ভকত সকলে গুৰু আসনৰ চাৰিওফালে পাঁচ পাক প্ৰদক্ষিণ কৰি পশ্চিম দুৱাৰেদি ওলাই আকৌ বৰপেটা সত্ৰৰ মুল কীৰ্তনঘৰ নাম কীৰ্তন কৰি প্ৰদক্ষিণ কৰাৰ পিছত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সমাপ্ত হোৱা বুলি ঘোষণা কৰে।

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

Related Articles