হাজোৰ বুল্লুট খোপনিকুছিত চাঞ্চল্যকৰ অপহৰন কাণ্ড!এগৰাকী ১২ বছৰীয়া স্কুলীয়া ছাত্ৰীক দিন দুপৰতে অপহৰন! হাজো আৰক্ষী থানাত এজাহাৰ দাখিল

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত হাজোৰ বুল্লুট খোপনিকুছিত এক চাঞ্চল্যকৰ অপহৰন কাণ্ড সংঘটিত হৈছে।এগৰাকী ১২ বছৰীয়া স্কুলীয়া ছাত্ৰীক যোৱা ১৬ আগষ্ট তাৰিখে কোনো দুবৃত্তই স্কুল ছুটি হোৱাৰ পিছত দিন দুপৰতে অপহৰন কৰি লৈ যায় । ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিওঁ আজি ৫ টা দিন পাৰ হৈ গ’ল হাজো আৰক্ষীয়ে একো সুংশুত্ৰই ওলিয়াব পৰা নাই বুলি পৰিয়ালৰ লোকে আজি সংবাদ মাধ্যমযোগে অভিযোগ উত্থাপন কৰিছে।আৰু অতি শীঘ্ৰেই আৰক্ষী প্ৰশাষনক কনমানি ছোৱালীজনী ওভতাই অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে । উল্লেখ্য যে শনিয়াদী কাছমাৰা এল পি স্কুলত পঞ্চম শ্ৰেনীত অধ্যয়নৰত আছিল অপহৃত ছাত্ৰী ৰাছিদা বেগম।

বিদ্যালয়ৰ প্ৰধান শিক্ষক ,ছাত্ৰ ছাত্ৰী সকলোৱে কণমানি ৰাছিদা বেগমক অপহৰনকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ উভতাই আনিবলৈ আৰক্ষী প্ৰশাষনক কাতৰ অনুৰোধ জনায়।লগতে অপহৃত কনমানী ছাত্ৰী ৰাছিদাৰ পিতৃ মাতৃ ওচৰ চুবুৰীয়া সকলোৱে ৰাছিদাৰ অনুপস্থিতিত কান্দোনত ভাঙি পৰিছে । আনকি ৰাছিদাৰ মাতৃয়ে নিজৰ ছোৱালীজনীক কাষত নাপাই কান্দি কান্দি অচেতন হৈ ঢলি পৰে।অসহায় ঘৰ খনে অতিশীঘ্ৰেই ৰাছিদাক ঘৰলৈ ওভতাই অনাৰ ব্যৱস্থা কৰি দিবলৈ হাজো আৰক্ষীক কাতৰ আহ্বান জনায়। তদুপৰি কণমানি ৰাছিদাৰ পৰিয়ালে ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত নলজুহি গাঁৱৰ মহেজউদ্দিন নামৰ এগৰাকী ৫০ বছৰীয়া ব্যক্তিয়ে কণমানি ৰাছিদাক অপহৰন কৰি নিয়া বুলি বাৰম্বাৰ সন্দেহ প্ৰকাশ কৰিছে।আৰু অতিশীঘ্ৰেই অপহৃত ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে।তদুপৰি কোনো সদাশয় ব্যক্তিয়ে ৰাছিদাৰ কিবা সম্ভেদ পালে 7002483276 নাম্বাৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।অৱশ্যে এইক্ষেত্ৰত আৰক্ষী প্ৰশাষনে কি তাৎক্ষনিক ব্যৱস্থা গ্ৰহন কৰে সেয়া সময়তহে লক্ষ্যনীয় বিষয় হ’ব।

Related Articles