জামুগুৰিহাটৰ প্ৰবীন নৃত্যশিল্পী ভোলা কটকীক“জামুগুৰি ৰত্ন” বঁটা প্ৰদানৰ যো-জা৷


জামুগুৰিহাটৰ প্ৰবীণ নাট্যশিল্পী ভ্ৰাম্যমাণৰ পিতামহস্বৰূপ শিল্পী ভোলা কটকীলৈ জন্মস্থান বৃহত্তৰ জামুগুৰিহাটৰ কেবাটাও সংগঠণে তেখেতৰ অনবদ্য সাংস্কৃতিক বৰঙনিৰ প্ৰতি স্বীকৃতি জনাই “জামুগুৰি ৰত্ন” বঁটা ঘোষণা কৰে৷সামাজিক-সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম উন্মেষ”ৰ লগতে জাগৰণ মহিলা সমিতি, জাগৰণ য়ুথ ক্লাৱ, ড্ৰীম ৯২ ৰ সৌজন্যত জামুগুৰিকে মুখ্য কৰি দেশ-বিদেশৰ কেবাটাও সংগঠনে প্ৰবীণ নাট্যশিল্পীগৰাকীলৈ আগবঢ়োৱা এই সন্মানৰ অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে৷ প্ৰজন্ম উন্মেষৰ মুখ্য কাৰ্য্যবাহী অৰূপ শইকীয়াই কয়, “জীৱন্ত কিংবদন্তি ভোলা কটকী এই সন্মানৰ সঁচাকৈয়ে যোগ্য আৰু সমগ্ৰ অসমত জামুগুৰিবাসীক গৌৰাম্বিত কৰাৰ কাৰণে কৃতজ্ঞ আমাৰ এইয়া সৰ্বশ্ৰেষ্ঠ স্বীকৃতি”৷বৰ্তমান তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ শয্যাগত অৱস্থাত থকা শিল্পীগৰাকীক ক’ত কেনেকৈ বঁটাটো দিয়া হ’ব ঠিৰাং কৰা নাই যদিও খোল, তাল, গায়ন, বায়নৰ মাংগলিক ধ্বনিৰে তেখেতক ঘৰতে আদৰণি জনোৱা হ’ব বুলি জানিব দিয়ে উদ্যোক্তাসকলে৷ ইয়াৰোপৰি শিল্পীজনৰ কৰ্মৰাজিৰ লগত সকলোকে পৰিচিত কৰাই দিয়াৰ কাৰণে তিনিটা প্ৰজন্মৰ বিভিন্ন জনগোষ্ঠীৰ ৭ গৰাকী কণমানি যুৱতী তথা আইমাতৃয়ে এই বঁটাভাগ আগবঢ়াব৷জীৱণৰ বিয়লি বেলাত শিল্পীগৰাকীক এই সন্মানেৰে বিভূষিত কৰাৰ খৱৰ লাভ কৰি শিল্পীগৰাকীৰ পুত্ৰ তথা নাট্যকাৰ-পৰিচালক স্বৰাজ কটকীয়ে উদ্যোক্তা প্ৰজন্ম উন্মেষ, জাগৰণ মহিলা মঞ্চ, জাগৰণ য়ুথ ক্লাৱ, ড্ৰীম ৯২ কে ধৰি আটাইকেইটা সংগঠনলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে৷জ্যোতি-বিষ্ণু-ফণী শৰ্মা-শোণিতকোঁৱৰ গজেণ বৰুৱা-ড° ভূপেন হাজৰিকাৰ সান্মিধ্যৰে নিজৰ অভিনয় জীৱণ আগবঢ়াই নিয়াত অপৰিসীম প্ৰেৰণা লাভ কৰা ভোলা কটকীয়ে প্ৰতিক্ৰীয়া,বিভ্ৰাট,দস্যুৰাণী পুতলীবাই,স্বপ্নভংগ,শৰাইঘাটকে ধৰি ১৫০ খনৰো অধিক নাটকত অভিনয় কৰাৰ লগতে অনিৰ্বাণ,সাদৰি,ৰাজা,উব্বৰ্শী,জ্বলাঞ্জলীকে ধৰি ৫ খন চলচিত্ৰত আৰু ৬ খনকৈ ধাৰাবাহিকত অভিনয় কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈও সক্ষম হৈছিল৷

Related Articles