জোনাইত কেবালক্ষাধিক মূল্যৰ ৭টা চোৰাং হাতীদাঁত, এটা বন্দুকসহ ৭ টা কাৰ্টিজ উদ্ধাৰ৷ জোনাই আৰক্ষী অভিযানত দুজন অৰুনাচলী চোৰাং ব্যৱসায়ীক আটক৷

জোনাই আৰক্ষীয়ে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ অসম অৰুনাচল সীমান্ত জোনাইত কালি নিশাৰে পৰা জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীয়ে অভিযান চলাই আজি প্ৰায় পূৱা ৮.৩০ বজাত লক্ষী নেপালী বস্তিত বেচা কিনা কৰিবলৈ বুলি অনা বনৰীয়া হাতীৰ দাঁতসহ আটক কৰে দুজন অৰুণাচলী চোৰাং ব্যৱসায়ীক দুজন চোৰাং ব্যৱসায়ীৰ সৈতে জব্দ হয় এখন চুইফ ডিজাৰ্ট, ৭টা বনৰীয়াহাতী দাঁত, এটা দুইনলীয়া বন্দুক, ৭ টা কাৰ্টিজ, তিনটা মবাইল সহ কিছু আপত্তি জনক নতিপত্ৰ।

চোৰাং চিকাৰী দুজন হল অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ চিলে থানাৰ টাডে জামহ আৰু টাগে ৰিনা ৷ জব্দ হোৱা চোৰাং বনৰীয়া হতীদাঁত সমূহ পৰীক্ষাৰ কাৰণে জোনাই বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ পৰীক্ষাৰ অন্তত জোনাই থানা লৈ আহে জব্দ কৃত চোৰাং হাতীদাতসূহ৷ জব্দ কৃত হাতীদাঁতসমূহ বজাৰ মূল্য পাচ লাখৰো অধিক বুলি জানিব দিয়ে জোনাই আৰক্ষী বিষয়া ভাৰ্গমুনি দাসে৷ উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি অসম অৰুণাচল সীমান্তত হাতীৰ দাঁতৰ চোৰাং ব্যৱসায় চলি থকাৰ বিষয়ে পোৱা গোপন তথ‍্যৰ ভিত্তিত অভিযান চলাইছিল জোনাই আৰক্ষীৰ দলটোৱে।

উক্ত হাতী দাঁতৰ চোৰাং সৰবৰাহকাৰী দলত জোনাইৰ স্থানীয় ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে জোনাই আৰক্ষীয়ে।হাতীদাঁতৰ চোৰাং সৰবৰাহকাৰী দুজনক তদন্তৰ ভাৱে জোনাই আৰক্ষীৰ জিম্মাত বৰ্তমান ৰখা হৈছে৷

Related Articles