মুকালমুৱাৰ হিদিলাট্টাৰীত থকা এখন গাহৰিৰ ফাৰ্মৰ দুৰ্গন্ধত অতিষ্ঠ হৈ পৰিছে গাঁৱখনৰ ৰাইজ। ফাৰ্মখনৰ দুৰ্গন্ধৰ বাবে বিভিন্ন সমস্যাৰ সন্মূখীন হোৱাৰ অভিযোগ গাঁৱখনৰ ৰাইজৰ। গাহৰি ফাৰ্ম খনৰ দুৰ্গন্ধ নিৰাময় কৰিবলৈ ফাৰ্মখনৰ কৰ্তৃপক্ষক ৰাইজে আবেদন জনাই যদিও কোনো সুফল নোপোৱাৰ অভিযোগ। ফাৰ্মখনৰ পৰা ওলোৱা দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ বিচাৰি গাঁওখনৰে কনকলতা গ্ৰাম্য সংগঠনৰ নেতৃত্বত এদল মহিলাই ফাৰ্মখনৰ কতৃপক্ষক আবেদন কৰিবলৈ যাওতে ফাৰ্মখনৰ কতৃপক্ষই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে মহিলা সকলে। উপায়ন্তৰ হৈ মহিলাৰ দলটোয়ে অৱশেষত দৌলাশাল আৰক্ষীৰ কাষ চাপে।

গাহৰি ফাৰ্মখনৰ দুৰ্গন্ধৰ বাবে গাওঁখনৰ লোক সকলৰ বিভিন্ন ৰোগে দেখা দিয়াৰ আশংকা প্ৰকাশ কৰিছে স্থানীয়লোক সকলে। সেয়েহে ফাৰ্মখনৰ এই দুৰ্গন্ধ নিৰাময় কৰিবলৈ স্বত্বাধিকাৰীৰ লগতে আৰক্ষী প্ৰশাসনক আহ্বান জনায় মহিলাৰ দলটোৱে।

