মইনবড়ীত চাৰিখন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ কামৰ শুভাৰম্ভ …

মইনবড়ীত বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে মইনবড়ীত উপস্থিত হৈ শ্ৰেণীকোঠাৰ কামৰ শুভাৰম্ভ কৰে।
বিধায়ক গৰাকীৰ আগমনত পশ্চিম মইনবড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিধায়ক গৰাকীয়ে বিদ্যালয়ৰ অধ্যক্ষক অভাৱ অভিযোগৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে।


বিধায়ক গৰাকীয়ে মইনবড়ী, জয়পুৰ আৰু তাৰাকান্ধী অঞ্চলত হৈ থকা দীৰ্ঘদিনীয়া নদীৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ স্থায়ীভাৱে সমাধান আৰু বিগত বানপানীত চৰকাৰী সাহায্যৰ পৰা বাদ ক্ষতিগ্রস্ত পৰিয়ালক সহায়ৰ আশ্বাস দিয়ে। সাংসদ আব্দুল খালেকে সংবাদ মাধ্যমত শ্বেৰমান আলী আহমেদ কংগ্ৰেছৰ পৰা খেদা খোৱা মানুহ বুলি প্ৰকাশ কৰিছিল। সাংসদৰ প্ৰতিক্ৰিয়াৰ বিৰুদ্ধে বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ দল ও সাংসদ আব্দুল খালেকক তীব্ৰ বাবে কটাক্ষ কৰে।

Related Articles