WPT আৰু BC আঁচনিৰ সা- সামগ্রী বিতৰন বিধায়ক জিৰন বছমুতাৰীৰ

গোসাঁইগাঁৱৰ জাৰাগুৰী গাঁৱত ২৮ নং গোসাইগাঁও সমষ্টিৰ বিধায়ক জিৰন বছমুতাৰীয়ে আজি কৃষক সকলৰ মাজত সা- সামগ্রী বিতৰণ।অসম চৰকাৰৰ WPT আৰু BC আঁচনিৰ অধীনত থকা বিভিন্ন ধৰণৰ সামগ্রী বিতৰণ আজি আনষ্ঠানিক ভাৱে বিতৰণ কৰে বিধায়ক জিৰন বছমুতাৰীয়ে।


কৃষি কিট, প্ৰেছাৰ কুকাৰ আৰু গেছ ষ্টোভ, ঘৰুৱা পৰিচ্ছন্নতা কিট, ইউনিফৰ্ম কিট (ক্ৰীড়া) খোৱা পানীফিল্টাৰ, ময়দা মিল, ষ্ট্ৰীট ভেণ্ডাৰ কিট, ফেশ্বন ডিজাইনিং মেচিন, টেইলাৰ ফুট মেচিন, স্প্ৰেয়াৰ মেচিন, মুঠ ৯ ধৰনৰ সা-সামগ্রী বিতৰণ কৰে বিধায়ক জিৰন বছুমাতাৰীয়ে।বিতৰণ কৰা অনুষ্ঠানত ইউ পি পি এল দলৰ কেন্দ্ৰীয় সমিতি ,জিলা সমিতিৰ নেতা কৰ্মী সদস্য সকল উপস্থিত আছিল।

Related Articles