Breaking

নাজিৰাত ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত ঘৰৰ পদূলিত বন্তি প্ৰজ্বলন বীৰ লাচিত সেনাৰ

0 105

নাজিৰা

 বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱা আহ্বানত কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালকে প্ৰমুখ্যে কৰি ‘কা’ আন্দোলনৰ নেতৃত্ব বহন কৰা সকলো ৰাজনৈতিক কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত আৰু সকলোৰে সু-স্বাস্থ্য কামনা কৰি মঙলবাৰে সন্ধিয়া বীৰ লাচিত সেনা নাজিৰা মহকুমা আঞ্চলিক সমিতিৰ বিষববীয়াই নিজৰ ঘৰৰ পদুলিত এগচিকৈ বন্তি প্ৰজ্বলন কৰে। ইয়াৰ সমান্তৰালকৈ এগৰাকী কণমানিয়েও ‘অখিল গগৈ ডাঙৰীয়াক অতি শীঘ্ৰে মুক্তি দিয়ক, জয় আই অসম’  লিখিত এখন বেনাৰে ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবী জনায়। বীৰ লাচিত সেনাই ঘৰৰ পদূলিত এগচি বন্তি জ্বলাই কামনা কৰে ‘কা’ আন্দোলনৰ কাৰাৰুদ্ধ নেতাসকলক অতি সোনকালে মুক্তি দিয়ক আৰু তেওঁলোকৰ সু-স্বাস্থ্য অটুট থাকক। নাজিৰাৰ প্ৰতিজন বীৰ লাচিত সেনাৰ বিষববীয়াই এইদৰে ঘৰ পদূলিমুখত জ্বলায় চাকি।

Leave A Reply