গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত লোকে লোকাৰণ্য হৈ পৰিল জামুগুৰিহাটৰ কোচগাঁৱৰ কালিয়দমন ক্ষেত্ৰ৷কোচগাঁৱৰ ৰাইজে দুটা শতিকা ধৰি প্ৰতিবছৰেই গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত পৰিৱেশন কৰি আহিছে কালিয়দমন নাটভাগ৷১৯৯৫ চনত দ্বি-শতবৰ্ষত ভৰি দিয়া এই কালিয়দমন ভাঁওনাই এইবেলি ২২৭ সংখ্যক বৰ্ষত ভৰি থ’লে৷২০০ বছৰ অতিক্ৰমী তথা নিৰবিচ্ছিন্নভাৱে পৰিৱেশন কৰি অহা এই ভাঁওনাভাগ চাবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা অহা লোকসকলে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয়৷চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাইও এই কালিয়দমন ক্ষেত্ৰত উপস্থিত হৈ সকলোৰে মঙ্গলাৰ্থে প্ৰাৰ্থনা জনাই৷দিনৰভাগৰপৰাই চাকি বন্তি শৰাই শলিতা দি মনৰ ইচ্ছা পূৰণৰ অৰ্থে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে সেঁৱা লয়হি নামঘৰ চৌহদত৷

ইয়াৰোৰোপৰি গাঁওবাসী ৰাইজেও দুদিন উপবাসে থাকি এইদৰেই ভক্তি সহকাৰে লাড়ু,প্ৰসাদ তৈয়াৰ কৰি ভক্তসকলক বিতৰণ কৰিবৰ বাবে উদ্বাউল হৈ পৰা দেখা পোৱা যায়৷নিশালৈ অনুষ্ঠিত কালিয়দমণ নাটভাগত কালিন্দী হ্ৰদত কালিনাগৰ শিৰত উঠি শিশু কৃষ্ণৰ নান্দনিক নৃত্য আৰু জতৰিশালত গায়ন বায়নৰ গন্ধৰ্ব নত্য স্ব-চক্ষে প্ৰত্যক্ষ কৰিবলৈ দৰ্শকৰ হেতাওপৰা লগা পৰিৱেশ খুৱেই আকৰ্ষণীয় হিচাপে বিবেচিত হৈ আহিছে৷উল্লেখ্য যে ভাঁওনাভাগত শিশু কৃষ্ণই প্ৰতি বছৰেই পৰিধান কৰা পোচাকযোৰ অনাগত ১০ বছৰৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে দান দি ৰাখিছে৷

