সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী বিমল বৰা …

ইতিহাস আৰু সংস্কৃতিৰ মাজত শিপাই থকা প্ৰকৃতিৰ অপূৰ্ব বৰদান মাজুলী। ই বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ আৰু সত্ৰীয়া সংস্কৃতিৰ বাসস্থান, যিয়ে অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু মাজুলী জিলা প্ৰশাসনৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী বিমল বৰা ।

উক্ত বৈঠকত মাজুলীক UNESCO ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে Nomination Dossier প্ৰস্তুত কৰাৰ সৈতে জড়িত বিষয়সমূহ সন্দৰ্ভত এক অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা কৰাৰ লগতে মাজুলীক সৰ্বাধিক জনপ্ৰিয় সাংস্কৃতিক ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তুলাৰ ক্ষেত্ৰতো আলাপ আলোচনা কৰে মন্ত্ৰী বিমল বৰাই ।

উক্ত বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক শ্ৰীমতী লয়া মাধুৰীমাজুলী জিলা উপায়ুক্তকে আদি কৰি UNESCO ৰ প্ৰতিনিধি আৰু বিভিন্ন বিষয়া কৰ্মচাৰী সকল ভিডিঅ’ কনফাৰেন্সত সংযুক্ত থাকে।

Related Articles