জিলা পুথি ভড়ালত পঢ়ুৱৈ সমাজৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ কি ? জানিবলৈ পঢ়ক …

জিলা পুথিভড়াঁলত পঢ়ুৱৈ সমাজৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ কি? পুথিভড়াঁলত দৈনিক ৫০/৬০ গৰাকীকৈ অহা পঢ়ুঁৱৈ সমাজৰ পৰা কিয় ৮/১০ জনলৈ সংখ্যা হ্ৰাস পালে।

কিতাপক মানুহৰ আটাইতকৈ ভাল বন্ধু বুলি বিবেচিত কৰা হয়।পুথি অধ্যায়ণে অজ্ঞনতা দূৰ কৰি সমাজত শুভ শক্তিৰ বিস্তাৰ কৰে।সেয়ে অতীতৰ পৰা বৰ্তমানলৈ পুথিভড়ালসমূহত পঢ়ুৱৈ সমাজৰ আগমন পৰিলক্ষিত হয়।

নলবাৰী চহৰত ১৯৭০ চনত সমাজৰ সকলো স্তৰৰ লোকৰ উপকৃত হোৱাৰ উদ্দেশ্যি জিলা পুথিভড়াল প্ৰতিষ্ঠা কৰা হৈছিল।কিন্তু সম্প্ৰতি জিলা পুথিভড়াললৈ ছাত্ৰ-ছাত্ৰ অহা-যোৱাৰ পৰা এই কথাষাৰ প্ৰমানিত হৈ যে এতিয়া যেন পঢ়ুৱৈ সমাজ অন্যান্ন কামতহে ব্যস্ত।

পুথি ভড়াঁলত আহি অধ্যায়ন কৰাটো যেন এতিয়া হৈ পৰিছে বিৰল।জিলাখনৰ আৱেগ-অনুভূতিৰ লগত জড়িত এই পুথিভড়াললৈ এটা এনে সময় আছিল যেতিয়া দৈনিক ৫০/৬০ গৰাকিকৈ ছাত্ৰ-ছাত্ৰ আৰু অন্যান্নই অধ্যায়ণৰ বাবে আহিছিল।কিন্তু ক্ৰমৎ যেন এই সংখ্যা হ্ৰাস পায় ৮/১০ জনলৈ হলগৈ।ইয়াক লৈ পুথিভড়ালৰ বিষয়-ববীয়াসকলে আক্ষেপ কৰা পৰিলক্ষিত হয় লগতে সমাজৰ সকলোকে জিলা পুথিভড়াললৈ আহি পুথি অধ্যায়ণৰ আহ্বান জনায়।

Related Articles