সম্প্ৰতি ধেমাজি জিলা আৰু অসম-অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মাজত হিংসাত্মক পৰিস্থিতি…

সম্প্ৰতি ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্ত অশান্ত ৷ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত জ্বলিছে হিংসাৰ জুই ৷ পৰস্পৰে পৰস্পৰক আক্ৰমণ ৷ যেন চলিছে ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্তক লৈ চলা দীৰ্ঘদিনীয়া যুদ্ধহে এইয়া ৷ কি হ’ব ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ ? কেতিয়া হ’ব সীমা সমস্যাৰ সমাধান ৷ আমি DB নিউজে ৰাইজক দিব বিচাৰিছো নিৰপেক্ষ সঠিক খবৰ ৷ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ দুখন গাঁও ৷ এখন ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰ পানবাৰীৰ কেঁচাই কাঠনি আৰু আনখন নামনি চিয়াং জিলাৰ কংকুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলনী গাঁও ৷

তাৰ মাজতে পাহাৰৰ পৰা সমতললৈ এক বিশাল ভূমি ৷ এই ভূমিক লৈ এতিয়া চলিছে দুয়োখন ৰাজ্যৰ মাজত তীব্ৰ টনা-আজোঁৰা ৷ চলিছে মাৰপিট ৷ চলিছে দুয়োপক্ষৰ মাজত অভিযোগ প্ৰতি-অভিযোগ ৷ বিবদমান সীমান্ত অঞ্চলটোলৈ বাৰে বাৰে গৈছে দুয়োখন ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, প্ৰশাসনিক বিষয়া ৷ কিন্তু সমস্যা সমাধানৰ কোনো আশা নাই ৷ ৩ ছেপ্টেম্বৰ শনিবাৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা জয়ৰামপুৰ পানবাৰীলৈ গৈছিল ৷ সীমা পৰিদৰ্শন কৰি অহা বাটে উভটিল ৷ তাৰ পিছতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত চলিল প্ৰচণ্ড মাৰপিট ৷ কিন্তু দোষ কাৰ ? আহক আমি চিলনী বস্তি আৰু কেঁচাই কাঠনি গাঁৱৰ ৰাইজৰ মুখেৰে শুনো ঘটনাৰ সবিশেষ ৷

দুয়োখন গাঁৱৰ ৰাইজৰ অনুৰোধ অনুগ্ৰহ কৰি সকলো সাংবাদিকে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰি সীমান্ত অঞ্চলৰ শান্তি-সম্প্ৰীতি বজাই ৰখাত সহযোগ কৰক ৷ কেন্দ্ৰীয় চৰকাৰ আৰু অসম-অৰুণাচল প্ৰদেশ চৰকাৰে সমিলমিলেৰে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰক ৷

Related Articles