সুধাকণ্ঠ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত টংলাত ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন উদযাপন

ভাৰতৰত্ন, গণশিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ ৯৬ সংখ্যক জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ শিক্ষা ,ক্ৰীড়া , সাংস্কৃতিক নগৰী টংলাতো টংলা বালিকা উচ্চ বিদ্যালয়ত উলহ -মালহেৰে কথাৰে -গীতেৰে ওপজা দিন উদ্‌যাপন কৰে ৷ সুধাকণ্ঠ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, টংলাৰ উদ্যোগত ,অসম সাংস্কৃতিক মহাসভা ওদালগুৰি জিলা সমিতি আৰু টংলা বালিকা উচ্চ বিদ্যালয়ৰ সহযোগত টংলা বালিকা উচ্চ বিদ্যালয়ত উদযাপন কৰা ওপজা দিৱসত সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে টংলা বালিকা উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱেন হাজৰিকাই ৷ মাল্যাৰ্পণ কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভানেত্ৰী নিবেদিতা ডেকা বৰুৱাই ৷সাংস্কৃতিক মহাসভা অসম’ৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ডঃ হৰিৰাম দাসে সঞ্চালনা কৰা পুৱা ১১ বজাত অনুষ্ঠিত অনুষ্ঠানত স্থানীয় শিল্পী আৰু ছাত্ৰীসকল “মানুহে মানুহৰ বাবে ” শীর্ষক কালজয়ী গীতেৰে ভূপেনদাৰ ৯৬ সংখ্যক ওপজা দিনৰ সশ্ৰদ্ধা ,সভক্তিৰে সেৱা জনায় ৷ গছপুলি ৰোপণ আৰু সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে টংলা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক , বিশিষ্ট নাগৰিক বিনয় কুমাৰ মেধিয়ে ৷ টংলা বালিকা উচ্চ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে সাংস্কৃতিক কৰ্মী উপস্থিত থকা অনুষ্ঠানত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু’ৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক হেমন্ত বৰা কোচ, সহকাৰী সাধাৰণ সম্পাদক হেমন্ত ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,ওদালগুৰি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি নীলয় চলিহা ,সাংবাদিক নাৰায়ণ ডেকা ,, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিণু দেৱী, চন্দ্ৰপ্ৰভা দত্তই গুণানুকীৰ্তন কৰি ভাষণ ৰাখে।


সাংস্কৃতিক মহাসভা অসমৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক জ্ঞানেদ্ৰ কুমাৰ চলিহাই আঁত ধৰা অনুষ্ঠানত কিৰণ ডেকা ,অনিমা নাথ ,গায়ত্ৰী তালুকদাৰ আৰু ছাত্ৰীসকলে সুধাকন্ঠৰ কালজয়ী গান গাই জীপাল কৰি তোলে।

Related Articles