গোসাইগাঁৱৰ শ্ৰীৰামপুৰত এম.চি.এল.এ সজল কুমাৰ সিংহৰ চেক বিতৰণ।৫০০০ টকাকৈ ১৯৫ মহিলাৰ মাজত চেক বিতৰণ কৰে সজল কুমাৰ সিংহই।বিটিআৰৰ মূখ্য প্ৰমোদ বড়োৰ নেতৃত্বত অনশুংটাই আঁচনিৰ অধিনস্থ চেক বিতৰণ।চাতি, সুতা, আৰু কম্বল বিতৰণ কৰা বিটিআৰ চৰকাৰে বাদ দি এতিয়া উন্নয়ন আৰু ৰাইজৰ সহায়ৰ বাবে কাম কৰি আছে বুলি কয় শ্ৰীৰামপুৰ সমষ্টিৰ পাৰিষদ সজল কুমাৰ সিংহে।

বিগত চৰকাৰে চাতি, সুতা, আৰু কম্বল বিতৰণ কৰাৰ বাহিৰে সাধাৰণ ৰাইজৰ কোনো উন্নয়নমুলক কাম কৰা নাই বুলিও কয় এম চি এল এ গৰাকীয়ে।লগতে ১৫ বছৰ যদি ৰাইজে ইউপিপিএলক চৰকাৰত ৰাখে তেন্তে কোনো ৰাস্তা ঘাটৰ কামৰ উপৰিও যুৱক যুৱতী সকলৰ বেকাৰত্ব সমস্যা নাথাকিব বুলি নিজৰ ভাষন প্ৰসংগত উল্লেখ কৰে।

