ধুবুৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত এজন দালালক আটক। বিগত দীৰ্ঘদিন ধৰি ধুবুৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ড্ৰাইভিং লাইচেন্স বনাই দিয়াৰ দালালী কাৰ্যত জড়িত হৈ থকা আব্দুল আল ফাৰুক নামৰ যুবক জনক ধুবুৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। দৰাচলতে বিগত ২০২০ চনত পাটাকাটা অঞ্চলৰ জাহিদুল ইছলামে আল ফাৰুকক ড্ৰাইভিং লাইচেন্স বনাই দিয়াৰ অগ্ৰিম ধন হিচাপে ৯ হাজাৰ টকা তেওঁ জমা দিয়ে।

তাৰ পাছত কাম নোহোৱাত পুনৰ চাৰি হাজাৰ টকা দিছিল । মুঠ ১৩ হাজাৰ টকাৰ ভিতৰত কাম নোহোৱাত ৫ হাজাৰ টকা ঘুৰাই দিয়ে , যদিও বাকী ৮ হাজাৰ টকা খিনি বিচৰাত জাইদুল ইছলামক প্ৰানে মৰাৰ ভাবুকি প্ৰদান কৰে , পিছে উপায়হীন হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী সদৰ থানাৰ আৰক্ষীক অবগত কৰাৰ পাছত ঘটনা স্থলীত আৰক্ষী বাহিনীৰ ৰাইডাৰ পাৰ্টীয়ে ধুবুৰী চহৰৰ বাসিন্দা আব্দুল আল ফাৰুকক আটক কৰি ধুবুৰী সদৰ থানালৈ লৈ আনে।

